দক্ষিণ বঙৰা, সংবাদ ৩৬৫, ২৮ এপ্ৰিল : ৰাজ্যত সঘনাই বৃদ্ধি পাইছে পথ দুৰ্ঘটনা । ক’ৰবাত যদি মৃত্যুমুখত পৰিল পতি-পত্নী,কৰবাত আকৌ বিবাহযাত্ৰী । দেওবাৰে দক্ষিণ কামৰূপৰ বঙৰাতো সংঘটিত হ’ল এক পথ দুৰ্ঘটনা । ৩ খনকৈ বাহন দুৰ্ঘটনাত পতিত হোৱাৰ ফলত সৃষ্টি হ’ল তীব্ৰ যান-যতৰ ।

বিজয়নগৰৰ পৰা এ এছ-২১-এফ-৭৯৯৬ নম্বৰৰ বাইকেৰে সোনমনি বৰদলৈ নামৰ যুৱকজনে গুৱাহাটী অভিমুখে গৈ থকা অৱস্থাতে একে দিশৰে এ এছ-১৬-জি-০৩৪৮ নম্বৰৰ চুইফট গাড়ীখনে বাইকখনক চেৰ পেলাই যোৱাৰ সময়চোৱাতে গুৱাহাটী অভিমুখী একে দিশতে থকা এ এছ-০১-জে চি-৯৯২৭ নম্বৰৰ ডাম্পাৰখনে দুয়োখন বাহনক খুণ্ডা মাৰে । যাৰ ফলত সোনমনি বৰদলৈ নামৰ লোকজন গুৰুত্বৰ ভাৱে আঘাতপ্ৰাপ্ত হয় । আহত সোনমনিক স্থানীয় লোক আৰু আজাৰা আৰক্ষীৰ সহায়ত ততাতৈয়াকৈ আজাৰা চিকিৎসালয়ত ভৰ্তি কৰা হয় ।

ইফালে এই দুৰ্ঘটনাক কেন্দ্ৰ কৰি গুৱাহাটী-গোৱালপাৰা সংযোগী ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথ প্ৰায় ৩ ঘন্টা জুৰি সৃষ্টি হয় তীব্ৰ যান-যতৰ ।