গুৱাহাটী, সংবাদ ৩৬৫, ২৮ এপ্ৰিল : মহানগৰীৰ সমীপৰ ৰাণীৰ “বৰুণ বিভাৰেজ লিমিটেড”ত শ শ কৰ্মচাৰীৰ প্ৰতিবাদ । বৰুণ বিভাৰেজ লিমিটেড নামৰ এইটো হৈছে পেপচি কোম্পানী যি কোম্পানীটোৰ পৰাই অসমৰ বিভিন্ন প্ৰান্তলৈ পেপচিৰ বিভিন্ন পনীয় সামগ্ৰী সৰবৰাহ হয় ।

কিন্তু এই কোম্পানীটোৱে স্থানীয় কৰ্মচাৰীক প্ৰৱঞ্চনা কৰাৰ গুৰুত্বৰ অভিযোগ উঠিছে। যাৰ বাবে প্ৰতিবাদ কৰিবলৈ ওলাই আহিল কৰ্মচাৰীসকল । কোম্পানীৰ সন্মুখত প্ৰতিবাদেৰে সৃষ্টি কৰিলে উত্তপ্ত পৰিস্থিতিৰ ।

চৰকাৰী অথবা কোম্পানীৰ নীতি অনুসৰি এজন কৰ্মচাৰীয়ে ৮ ঘন্টা সময় কৰ্মত নিয়োজিত হৈ থাকিব লাগে কিন্তু বহিৰাগত এই কোম্পানীটোৱে কৰ্মচাৰীসকলক ১২ ঘন্টা পৰ্যন্ত দিনে নিশাই কাম কৰাই তাৰপিছতো থলুৱা কৰ্মচাৰীক নিজৰ প্ৰাপ্য নিদিয়ে এই কোম্পানীটোৱে । আনকি নিশা হলে কৰ্মচাৰীক অতি দুব্যৱহাৰ কৰে কোম্পানীটোৰ শীৰ্ষ বিষয়া সকলে । যোৱানিশাও কোম্পানীটোৰ এইচ আৰ ডি দিগন্ত খনিকৰে নিশা ২ বজাত একাংশ কৰ্মচাৰীক অলপ নিদ্ৰা হোৱাৰ বাবে কোম্পানীটোৰ পৰা বাহিৰ কৰি দিছিল । যদিহে কোম্পানীটোৱে কৰ্মচাৰীক প্ৰাপ্য প্ৰদান নকৰে তেন্তে কৰ্মচাৰীসকলে অনিদিৰ্ষ্ট কাললৈ কৰ্ম বৰ্জন কৰাৰ হুংকাৰ দিয়ে।

কি মহিলা কি পুৰুষ কৰ্মচাৰী সকলোকে নিজৰ প্ৰাপ্য কাটি কৰে অতি দুৰ্ব্যৱহাৰ। মহিলাসকলকো ১০ পৰা ১২ ঘন্টালৈকে কামত নিয়োগ কৰে ।

এইদৰে কিমান চলিব আৰু অসমত বহিৰাগত কোম্পানীৰ দপদপনি । থলুৱা কৰ্মচাৰীক ভয়-ভাবুকি দি বহিৰাগত কোম্পানীবোৰে নিজৰ প্ৰাপ্যখিনিকো প্ৰদান নকৰা এনেবোৰ কোম্পানীৰবোৰক নাকী লগাব নে চৰকাৰে ?