দক্ষিণ শালমাৰা-মানকাচৰত “কা” বিৰোধী প্ৰতিবাদ : ১৩ জানুৱাৰীত বিশাল গণ সমাৱেশ কাৰ্যসূচী

In ৰাজ্য

দক্ষিণ শালমাৰা, সংবাদ ৩৬৫, ১১ জানুৱাৰী : সমগ্ৰ ৰাজ্যত অব্যাহত আছে “কা”বিৰোধী প্ৰতিবাদ । ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে দক্ষিণ শালমাৰা-মানকাচৰ জিলা সমন্বয় সংগ্ৰাম সমিতিয়েও ২৯ ডিচেম্বৰ তাৰিখৰ পৰা আৰম্ভ কৰিছে “কা”বিৰোধী আন্দোলনৰ কাৰ্যসূচী।

প্ৰত্যেক দিনাই “কা”ৰ বিৰুদ্ধে দুঘন্টীয়াকৈ গাঁওসমূহত জিলা সমন্বয় সংগ্ৰাম সমিতিয়ে অৱস্থান ধৰ্মঘট পালন কৰি প্ৰতিবাদ সাব্যস্ত কৰি আহিছে। আইনখন বাতিলৰ দাবীৰে বিভিন্ন শ্লগানেৰে পৰিবেশ উত্তাল কৰি চৰকাৰক সমালোচনা কৰে জিলা সমন্বয় সংগ্ৰাম সমিতিয়ে।

২৯ডিচেম্বৰৰ পৰা লোৱা এই কাৰ্যসূচীৰ শনিবাৰে সমাপ্ত হয়। ইয়াৰ পিছতে ১৩ জানুৱাৰীৰ পুৱা জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সম্মুখত বিশাল গন সমাবেশৰ কাৰ্যসূচী হাতত লৈছে জিলা সমন্বয় সংগ্ৰাম সমিতিয়ে।

উক্ত এই আন্দোলনত সমিতিৰ সাধাৰণ সম্পাদক মনোৱাৰ হুছেইনে জিলাখনৰ সকলো ৰাইজকে উপস্থিত থাকিবলৈ আহ্বান জনায়।

Comments

comments

You may also read!

কোনে কলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পদত্যাগ কৰিব লাগে ?

চামগুৰিৰ পৰা নাৱজ্যোতি বৰুৱা, সংবাদ ৩৬৫, ২ জুলাই : "ইউ পি এ চৰকাৰৰ দিনত পেট্ৰ'ল-ডিজেলৰ মূল্যবৃদ্ধিক লৈ মোদী ডাঙৰীয়াই তেতিয়াৰ

Read More...

ফুলৰ খেতি কৰি বিপাঙত এজন যুৱক

বাক্সা, সংবাদ ৩৬৫, ২ জুলাই : নিজকে স্বাৱলম্বী কৰি আনকো কৰ্মসংস্থাপন দিয়াৰ উদ্দেশ্যে ঋণ লৈ ফুলৰ খেতি কৰি এতিয়া

Read More...

হঠাৎ জু-ৰোডত গাড়ীৰ পৰা নামিল মুখ্যমন্ত্ৰী

গুৱাহাটী, সংবাদ ৩৬৫, ১ জুলাই : মহানগৰীত লক ডাউন চলি থকাৰ মাজতে বুধবাৰে সন্ধিয়া জু-ৰোডত গাড়ীৰ পৰা নামিল মুখ্যমন্ত্ৰী।

Read More...

Mobile Sliding Menu