নিউজ ডেস্ক, সংবাদ ৩৬৫, ১১ জানুৱাৰী : এতিয়াৰে পৰা ৰাষ্ট্ৰীয় ঘাই পথসমূহত নাথাকিব স্পীড ব্ৰেকাৰ আৰু ৰাম্বল ষ্ট্ৰীপ। যান-বাহনসমূহে যাতে কোনোধৰণৰ সমস্যা নোহোৱাকৈ চলাচল কৰিব কৰিব পাৰে লগতে টোলগে’টবোৰ যাতে যান–জঁটমুক্ত হয় তাৰ প্ৰতি লক্ষ্য ৰাখিয়েই কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰিছে এই পদক্ষেপ ।

পথ পৰিবহণ আৰু ৰাষ্ট্ৰীয় ঘাইপথ মন্ত্ৰণালয়ে এক প্ৰেছ বিবৃতিত প্ৰকাশ কৰে যে স্পীড ব্ৰেকাৰে যাত্ৰাপথত বিলম্বৰ সৃষ্টি কৰে, গাড়ীৰ যাত্ৰীসকলৰ মাজত অস্বস্তিৰ সৃষ্টি কৰে, ইন্ধনৰ খৰচ বৃদ্ধি কৰে। এই পদক্ষেপৰ দ্বাৰা ধন ৰাহি কৰাৰ লগতে উপকৃত হ’ব এম্বুলেঞ্চ, বয়োজ্যেষ্ঠ আৰু অসুস্থ লোকসকল।

উল্লেখ কৰিব পাৰি যে ৰাষ্ট্ৰীয় ঘাইপথৰ টোল প্লাজাবোৰৰ সকলো পথ ১৫ ডিচেম্বৰৰ ভিতৰত ফাষ্টেগ লেন হিচাপে ঘোষণা কৰাটো বাধ্যতামূলক কৰিছিল কেন্দ্ৰীয় চৰকাৰে ।