ধন দাবী কৰি ধৰা পৰিল সংগঠনৰ স্বয়ম্ভূ নেতা আৰু ৱেব পৰ্টেলৰ সাংবাদিক

In ৰাজ্য
Umra Package

আমিনুৰ ৰহমানৰ সৈতে খলিলুৰ ৰহমান হাজৰিকা

শিৱসাগৰ

৬ জানুৱাৰী

শিৱসাগৰত ধন দাবী কৰি ধৰা পৰিল সংগঠনৰ স্বয়ম্ভূ নেতা আৰু ৱেব পৰ্টেলৰ সাংবাদিক। শিৱসাগৰ আৰু গৌৰীসাগৰ থানা আৰক্ষীৰ অভিযানত জালত পৰিছে সদৌ অসম নিবনুৱা সুৰক্ষা সন্থাৰ স্বয়ম্ভূ জিলা সভাপতি অপূৰাজ শৰ্মা। ইফালে নামতি আৰক্ষীয়ে মিচাজানৰ পৰা আটক কৰিছে অন্য এজন অভিযুক্ত ৱেব পৰ্টেলৰ সাংবাদিক ৰিন্টু শেনচোৱাক।

জানিব পৰা মতে গৌৰীসাগৰৰ চাৰিঙত এখন দেশীয় সুৰাৰ বিপনীত এক লাখ টকা ধনদাবী কৰিছিল স্বয়ম্ভূ নেতা আৰু কেইজনমান সাংবাদিকে।স্বয়ম্ভূ নেতা অপূৰাজ শৰ্মাৰ লগতে তিনি সাংবাদিকে দেশীয় সুৰাৰ বিপনীত অভিযান চলাই ধনদাবী কৰিছিল। জিলাখনৰ বহুকেইটা সংবাদ মাধ্যমৰ নাম লৈ মেনেজ কৰাৰ নামত ধনদাবী কৰিছিল স্বয়ম্ভূ নেতা অপূৰাজ শৰ্মাৰ লগতে তিনি সাংবাদিকে। শিৱসাগৰৰ চাৰিঙৰ এখন দেশীয় সুৰাৰ বিপনিত বিদেশী সুৰা বিচাৰি অভিযান চলাইছিল স্বয়ম্ভূ নেতাৰ লগতে সাংবাদিক তিনিজনে। মঙলবাৰে পূৰ্ব পৰিকল্পিতভাৱে শিৱসাগৰ নগৰৰ মাজমজিয়াৰ পৰা দাবী কৰা ধন নিবলৈ আহিছিল অপূৰাজ শৰ্মা এণ্ড কোম্পানী।তাতেই হাতে লোটে শিৱসাগৰ আৰু গৌৰীসাগৰ আৰক্ষীয়ে স্বয়ম্ভূ নেতা অপূৰাজ শৰ্মাক গ্ৰেপ্তাৰ কৰে।

ইফালে ঘটনাৰ লগত জড়িত থকাৰ অভিযোগত নিজা গৃহৰ পৰা নামতি আৰক্ষীয়ে আটক কৰে ৱেব পৰ্টেলৰ সাংবাদিক ৰিন্টু শেনচোৱাক। আৰক্ষীয়ে বৰ্তমানত স্বয়ম্ভূ নেতা আৰু সাংবাদিক জনক জেৰা চলাই থকা বুলি জানিব পৰা গৈছে। জেৰাৰ পিছত ধন দাবী চক্ৰৰ লগত জড়িত অন্য দুজন সাংবাদিকো জালত পৰাৰ সম্ভাৱনা আছে।

You may also read!

Rang De Basanti : ৰং দে বসন্তী ধাবা-ডাইনাৰত নতুন মেন্যু, নৱ পৰিৱেশ

গুৱাহাটী : গুৱাহাটীস্থিত জনপ্ৰিয় উত্তৰ ভাৰতীয় ৰেষ্টুৰেণ্ট ৰং দে বসন্তী (Rang De Basanti) আৰবান ধাবা এতিয়া হৈ পৰিছে ৰং দে

Read More...

Drinking Water : অচিৰেই গুৱাহাটীৰ বহু অঞ্চলত বন্ধ হ’ব পৌৰ নিগমৰ পানী যোগান ব্যৱস্থা

গুৱাহাটী : অচিৰেই গুৱাহাটীৰ বহু অঞ্চলত বন্ধ হ’ব পৌৰ নিগমৰ পানী যোগান ব্যৱস্থা (Drinking Water)। গুৱাহাটী মহানগৰীৰ যিসমূহ এলেকাত

Read More...

Farmers Awareness : ফচল বীমা যোজনা আঁচনি সন্দৰ্ভত নলবাৰীত কৃষক সজাগতা সভাৰ শুভাৰম্ভণি

নলবাৰী : ফচল বীমা যোজনা আঁচনি সন্দৰ্ভত নলবাৰীত কৃষক সজাগতা সভাৰ (Farmers Awareness) শুভাৰম্ভণি। নলবাৰী জিলাৰ ৬৫ খন গাঁও

Read More...

Mobile Sliding Menu