হাটছিঙিমাৰীৰ, সংবাদ ৩৬৫, ২৩ জুলাইঃ এন আৰ চিৰ সম্পূৰ্ণ খচৰা প্ৰকাশ পোৱাত মাজত মাত্ৰ এটা সপ্তাহ বাকী থকাৰ সময়তে সীমান্ত আৰক্ষীয়ে ধৰ্মীয় আৰু ভাষিক সংখ্যালঘু নাগৰিকক ডি ভোটাৰৰ জাননী জাৰি কৰি হাৰাশাস্তি কৰি অহাৰ অভিযোগত সোমবাৰে দক্ষিণ শালমাৰা-মানকাচৰ জিলা আমছুৱে মুখ্যমন্ত্ৰীৰ প্ৰৰ্তিমুৰ্তি দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে। ৰাজ্যৰ গৃহবিভাগৰ দ্বায়িত্বত থকা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ প্ৰতিমুৰ্তি দাহ কৰি আমছুৰ জিলা সভাপতি শফিকুল আলম আৰু সম্পাদক মইনাৰ ইছলাম ৰিপনে কয় যে এন আৰ চি প্ৰকাশ পালেই কোন প্ৰকৃত নাগৰিক আৰু কোন বিদেশী সেয়া ওলাই পৰিব, কিন্তু ইয়াৰ পূৰ্বে এইদৰে বিশেষকৈ ধৰ্মীয় আৰু ভাষিক সংখ্যালঘূ লোকক চৰকাৰে সীমান্ত আৰক্ষীৰ দ্বাৰা হাৰাশাস্তি কৰাৰ কোনো যুক্তিযুক্ততা নাই। চৰকাৰৰ এনে হঠকাৰী কামৰ বাবে আমছুৱে চৰকাৰক গৰিহণা দি চৰকাৰক ডি ভোটাৰৰ সমস্যা উঠাই লবলৈ দাবী জনায়। চৰকাৰে অতি শীঘ্ৰে ডি ভোটাৰৰ সমস্যা উঠাই নললে আমছুৱে ৰাজ্যজুৰি গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিব বুলি মন্তব্য কৰে। আমছুয়ে সোমবাৰে সমগ্ৰ ৰাজ্যতে ডি ভোটাৰ সমস্যাক লৈ সীমান্ত আৰক্ষী আৰু মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে।