কুন্দন ভৰালী

নগাঁও

৩০ ছেপ্টেম্বৰ

অসম আৰক্ষীৰ উপ-পৰিদৰ্শক পদৰ লিখিত পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল ঘটনাকলৈ নগাঁৱত এন এছ ইউ আইৰ উত্তাল প্ৰতিবাদ।

অসম আৰক্ষীৰ উপ-পৰিদৰ্শক পদৰ লিখিত পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল ঘটনাকলৈ এতিয়া সৰৱ হৈ পৰিছে ৰাজ্যৰ বিভিন্ন দল-সংগঠন। উপ-পৰিদৰ্শক নিযুক্তি কেলেংকাৰীকলৈ বিৰোধী দল কংগ্ৰেছে ধাৰাবাহিকভাৱে চলাই গৈছে শাসকীয় বিজেপি দলক আক্ৰমণ। কংগ্ৰেছৰ দলৰ লগতে দলটোৰ ছাত্ৰ সংগঠনেও অসম আৰক্ষী নিযুক্তি প্ৰক্ৰিয়াৰ উচিত তদন্তৰ দাবীত ৰাজপথ উত্তাল কৰি ৰাখিছে। অসম আৰক্ষীৰ এই নিযুক্তি প্ৰক্ৰিয়াত সংঘটিত হোৱা ব্যাপক অনিয়মৰ বিৰুদ্ধে বুধবাৰে নগাঁৱত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে নগাঁও জিলা এন এছ ইউ আইয়ে। নগাঁও কলেজ চ’কত সংগঠনটোৱে গৃহ বিভাগৰ দায়িত্বত থকা মুখ্যমন্ত্ৰীৰল সৰ্বান্দন সোণোৱালৰ পুত্তলিকা দাহ কৰি ৰাজপথত অৱৰোধ কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰি পৰিবেশ উত্তাল কৰি তোলে। এন এছ ইউৰ আন এটা গোটে নগাঁও জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সমীপতো অসম আৰক্ষীৰ নিযুক্তি প্ৰক্ৰিয়াৰ কেলেংকাৰীৰ লগত জড়িত ব্যক্তি সকলক অতি শীঘ্ৰে আটক কৰি শাস্তি প্ৰদানৰ দাবী জনায়।

ইফালে গুৱাহাটী মহানাগৰীৰ দিছপুৰস্থিৰ কংগ্ৰেছৰ কাৰ্যালয় মানবেন্দ্ৰ শৰ্মা ভৱনৰ পৰা অসম প্ৰদেশ কংগ্ৰেছৰ কমিটিয়ে অসম আৰক্ষীৰ নিযুক্তি প্ৰক্ৰিয়াৰ কেলেংকাৰী সন্দৰ্ভত এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰি অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ পদত্যাগৰ দাবী জনায়। কংগ্ৰেছ কৰ্মীৰ উত্তাল প্ৰতিবাদ দমন কৰিবলৈ আৰক্ষীয়ে লাঠী চালনা কৰিবলৈ বাধ্য হোৱাত কেইবাগৰাকী কংগ্ৰেছ কর্মী আঘাতপ্ৰাপ্ত হয়।