কুন্দন ভৰালী

নগাঁও

২৮ আগষ্ট

নগাঁৱত বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ। দুই মহিলা ড্ৰাগছ ব্যৱসায়ীসহ মুঠ পাঁচজনক গ্ৰেপ্তাৰ। দীৰ্ঘদিন ধৰি ষ্টেচন ৰোডত চলাই আছিল ড্ৰাগছৰ বেহা।

নগাঁও চহৰৰ ষ্টেচন ৰোডত আৰক্ষীয়ে দুগৰাকী মহিলা ড্ৰাগছ ব্যৱসায়ীসহ বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ কৰিবলৈ সক্ষম হয়। শুকুৰবাৰে নগাঁও নগৰ আৰক্ষী উপ-পৰিদৰ্শক কুন্দন ৰবি দাস আৰু মৰিকলং থানাৰ আৰক্ষী উপ-পৰিদৰ্শক কৈলাছ নেয়াৰৰ নেতৃত্বত নগাঁও আৰক্ষীয়ে এক গোপন খবৰৰ ভিত্তিত অভিযান চলাই বৃহৎ পৰিমাণৰ ড্ৰাগছৰ লগতে দুই মহিলাসহ মুঠ পাঁচ জনকৈ ড্ৰাগছ ব্যৱসায়ীক গ্ৰেপ্তাৰ কৰে। ধৃত ড্ৰাগছ ব্যৱসায়ী কেইজন হৈছে নগাঁৱৰ ষ্টেচন ৰোডৰ ৰাবিয়া বেগম, কুলবানো, নুৰ ইছলাম, জেহেৰুল ইছলাম আৰু দ্বীপ বৰা। আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযানত গ্ৰেপ্তাৰ হোৱা ড্ৰাগছ ব্যৱসায়ী কেইজনৰ কবলৰ পৰা আৰক্ষীয়ে জব্দ কৰা ড্ৰাগছখিনিৰ মূল্য লক্ষাধিক টকা হ’ব বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে। জব্দ হোৱা ড্ৰাগছখিনিৰ ভিতৰত বৃহৎ পৰিমাণৰ হিৰইন আৰু নিচাজাতীয় ঔষধ থকা বুলিও জানিব পৰা গৈছে।

উল্লেখ্য যে, নগাঁও জিলাৰ বিভিন্ন অঞ্চলত বিগত কিছুবছৰ ধৰি ব্যাপক হাৰত নিচাজাতীয় সমগ্ৰীৰ বেহা বৃদ্ধি পাইছে। নগাঁও আৰক্ষীয়ে বিভিন্ন সময়ত ড্ৰাগছ বিৰোধী অভিযান চলাই জিলাখনৰ বহু কেইটা অঞ্চলৰ পৰা ড্ৰাগছ জব্দ কৰাৰ লগতে বহু ড্ৰাগছ ব্যৱসায়ীক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে।