আব্দুল হক

নগৰবেৰা

২৮ আগষ্ট

নগৰবেৰাত বেংক কৰ্মচাৰীৰ উদ্ভণ্ডালী। চেন্ট্ৰেল বেংক অৱ ইণ্ডিয়াৰ নগৰবেৰা শাখাত গ্ৰাহকক অভস্য আচৰন বেংক কৰ্মচাৰী সুৰেন সিঙৰ। মদ্যপান কৰি বেংক জ্বলাই দিয়াৰ ভাবুকি প্ৰদান কৰাৰ লগতে ছিঙিলে গ্ৰাহকৰ পাছবুক। মাতাল কৰ্মচাৰীগৰাকীক গতালে আৰক্ষীক।

এগৰাকী বেংক কৰ্মচাৰীৰ উদ্ভণ্ডালীত অতিষ্ঠ নগৰবেৰাবাসী। কৰ্মচাৰী জনে প্ৰায়ে মদ্যপান কৰি বেংকৰ সহজ সৰল গ্ৰাহকৰ সৈতে কৰে অভস্য আচৰন। চেন্ট্ৰেল বেংক অৱ ইণ্ডিয়াৰ নগৰবেৰা শাখাৰ কৰ্মচাৰী সুৰেন সিঙ পূৰ্বৰ দৰে বৃহস্পতিবাৰেও টেটুলৈকে গিলি মাতাল হৈ পৰে আৰু এফালৰ পৰা গ্ৰাহকৰ সৈতে আৰম্ভ কৰে অভৱ্য আচৰন। প্ৰথমে বেংকখনৰ আজবাব লণ্ডভণ্ড কৰাৰ পাছত কোনোবাৰ যদি পাছবুকখন ছিঙিলে, কোনোবাক হকে বিহকে অশ্লীল গালি গালাজ, আন কোনোবাক আকৌ শাৰিৰীকভাৱে আক্ৰমন কৰে মাতাল কৰ্মচাৰী গৰাকীয়ে। কেৱল এয়াই নহয় বেংকখন জ্বলাই দিয়াৰো ভাবুকি প্ৰদান কৰে কৰ্মচাৰী জনে। পিছে এয়া কেৱল এদিন বা দুদিনৰ ঘটনা নহয়, প্ৰায়ে গ্ৰাহকৰ সৈতে অভৱ্য আচৰন কৰাৰ লগতে বেংকখনত উদ্ভণ্ডালি কৰে কৰ্মচাৰী গৰাকীয়ে। অৱশেষত কৰ্মচাৰী গৰাকীৰ মাতলামিত অতিষ্ঠ হৈ একাংশ সচেতন গ্ৰাহকে বহু সময় ধৰি কৰ্মচাৰী গৰাকীক আৱদ্ধ কৰি ৰাখি নগৰবেৰা আৰক্ষীক গতাই দিয়াৰ পাছতহে নিয়ন্ত্ৰণ হয় পৰিস্থিতি। উল্লেখ্য যে,এই গৰাকী কৰ্মচাৰীৰ বিৰুদ্ধে আছে একাধিক দূৰ্নীতি আৰু অনিয়মৰ অভিযোগ।

ইমানৰ পাছতো নিৰৱ দৰ্শকৰ ভূমিকা গ্ৰহন কৰি আহিছে বেংকখনৰ মেনেজাৰ কিম্বা বেংক কৰ্তৃপক্ষই। অচিৰেই এইগৰাকী কৰ্মচাৰীৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা গ্ৰহন কৰাৰ লগতে নগৰবেৰাত ভাৰতীয় ষ্টেট বেংকৰ এটি শাখা স্থাপনৰ বাবে দাবী জনাই স্থানীয় ৰাইজে।