নলবাৰীৰ পৰা কৈলাশ ডেকা, সংবাদ ৩৬৫, ৮ জুনঃ নলবাৰীৰ জিলিঙনি চ’কত বৃহস্পতিবাৰে এজন আৰক্ষী জোৱানজন প্ৰহাৰ কৰাৰ ঘটনাৰ লগত জড়িত থকা পাঁচজনকৈ লোকক আৰক্ষীয়ে আটক কৰে। আৰক্ষী জোৱানক আক্ৰমণ কৰাৰ ঘটনাৰ লগত জড়িত থকা জিতুমণি হালৈ, শংকৰ তালুকদাৰ, মনেশ্বৰ বেজবৰুৱা, খগেন কলিতা আৰু মৃণাল বৈশ্য নামৰ পাঁচজন লোকক আৰক্ষীয়ে আটক কৰিছে যদিও এই ঘটনাৰ লগত জড়িত থকা কেইবাজনো লোক বৰ্তমানেও মুকলি আকাশৰ তলত আছে। উল্লেখ্য যে বৃহস্পতিবাৰে নলবাৰীৰ জিলিঙনি চ’কত এখন ই-ৰিক্সাৰ খুন্দাত হেমন্ত কলিতা নামৰ এজন লোক গুৰুত্বৰ ভাৱে আহত হোৱাৰ পিছত জমছেৰ আলী নামৰ আৰক্ষী জোৱানজনে ই-ৰিক্সাখন জব্দ কৰাত স্থানীয় কিছুমান ৰাইজ উত্তেজিত হৈ আৰক্ষী জোৱানজনক গণপ্ৰহাৰ কৰিছিল।