নলবাৰীৰ পৰা কৈলাশ ডেকা, সংবাদ ৩৬৫, ২৬ মেঃ বৰ্তমান যুগৰ প্ৰতিভা প্ৰতিযোগিতাৰ দৌৰত মুখ ঠেকেছা খোৱা এখন বিদ্যালয় হৈছে নলবাৰী জিলাৰ ৰামপুৰ বালিকা বিদ্যালয়। হাইস্কুল শিক্ষান্ত পৰীক্ষাত বিভিন্ন বিদ্যালয়ে চমকপ্ৰদ ফলাফল দাঙি ধৰাৰ বিপৰীতে ৰামপুৰ বালিকা বিদ্যালয়ে দেখুৱালে এক ওলোটা ছবি। বিদ্যালয়খনৰ ফলাফলক লৈ শৈক্ষিক মহলত সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ। ১৭ গৰাকী ছাত্ৰীয়ে এইবাৰ বিদ্যালয়খনৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হৈছিল যদিও বিদ্যালয়খনৰ শিক্ষা ব্যৱস্থা একেবাৰে নিম্নমুখী হোৱাৰ ফলত এজনী ছাত্ৰীও উত্তীৰ্ণ হ’বলৈ সক্ষম নহ’ল। ১৯৮৬ চনত স্থাপিত হোৱা বিদ্যালয়খন ২০১৩ চনত প্ৰাদেশীকৰণ হৈছিল। ১২ গৰাকীকৈ শিক্ষক-শিক্ষয়িত্ৰী থকা বিদ্যালয়খনৰ এনে ফলাফলত স্থানীয় ৰাইজ ক্ষোভিত হৈ পৰিছে। উল্লেখ্য যে বিদ্যালয়খনৰ পৰা বিগত ২০১৫ বৰ্ষত ৩২ গৰাকী ছাত্ৰীৰ ভিতৰত মাত্ৰ ৫ গৰাকী ছাত্ৰী, ২০১৬ বৰ্ষত ৩২ গৰাকী ছাত্ৰীৰ ভিতৰত পুনৰ ৫ গৰাকী ছাত্ৰী আৰু ২০১৭ বৰ্ষত ৩০ গৰাকী ছাত্ৰীৰ ভিতৰত মাত্ৰ ৩ গৰাকীহে হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হ’বলৈ সক্ষম হৈছিল। সম্প্ৰতি বিদ্যালয়খনৰ শিক্ষক-শিক্ষয়িত্ৰীৰ শিক্ষাদান সম্পৰ্কত ৰাইজে প্ৰশ্ন উত্থাপন কৰাৰ লগতে বিদ্যালয়খনৰ কিয় এনে অনাকাংক্ষিত ফলাফল হৈ আছে তাৰ ওপৰত বিভাগীয় কতৃপক্ষক স্থানীয় ৰাইজে তদন্ত কৰিবলৈ আহ্বান জনাইছে। প্ৰধান শিক্ষয়িত্ৰী বিনীতা দেৱীয়ে এই ফলাফলৰ বাবে ছাত্ৰীসকলক দোষাৰোপ কৰি গা এৰা মন্তব্য দিয়াত শিক্ষয়িত্ৰী গৰাকীৰ এয়া অদক্ষতাৰ প্ৰতিফলন বুলি ৰাইজে অভিমত প্ৰকাশ কৰে।