নলবাৰীৰ পৰা কৈলাশ ডেকা, সংবাদ ৩৬৫, ২৮ মেঃ  সমগ্ৰ ৰাজ্যত নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ বাতিলৰ দাবীত বিভিন্ন দল সংগঠনৰ প্ৰতিবাদ অব্যহত থকাৰ সময়তে সোমবাৰে  নলবাৰী জিলাত অসম জাতীয়তাবাদী যুৱ ছাত্র পৰিষদৰ নলবাৰী চহৰ সমিতিয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, কেন্দ্ৰীয় গৃহমন্ত্ৰী ৰাজনাথ সিং আৰু মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ  প্ৰতিমূৰ্তি দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে। অসম জাতীয়তাবাদী যুৱ ছাত্র পৰিষদে নলবাৰী চহৰৰ মাজমজিয়াত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, কেন্দ্ৰীয় গৃহমন্ত্ৰী ৰাজনাথ সিং আৰু মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ  প্ৰতিমূৰ্তি দাহ কৰি অসম চৰকাৰ হায় হায়, নৰেন্দ্ৰ মোদী হায় হায়, সৰ্বানন্দ সোণোৱাল হায় হায় শ্ল’গানৰে পৰিবেশ উত্তাল কৰি তোলে। প্ৰতিবাদকাৰী সকলে মন্তব্য প্ৰকাশ কৰে যে অসমৰ ৰাইজ নাগৰিকত্ব সংশোধনী বিধেয়কখন কোনো দিনে মানি নলয়। চৰকাৰে এই বিতৰ্কিত বিধেয়কখন বাতিল কৰিবই লাগিব।