পলাশবাৰী, সংবাদ ৩৬৫, ১ অক্টোবৰ: দেওবাৰৰ নিশা পলাশবাৰী আৰক্ষীয়ে মিৰ্জাৰ পৰা দুগৰাকী এ টি এম চোৰক আটক কৰে। দেওবাৰে এগৰাকী মহিলাই ধন ওলাই থকাৰ সময়তে ধুবুৰীৰ ১ নং ছাগচৰাৰ চফিকুল হক ওৰফে জানু খান নামৰ যুৱকজনে মহিলা এগৰাকীক প্ৰৱঞ্চনাৰে লুটিব খোজোতে পলাশবাৰী আৰক্ষীয়ে আটক কৰে গভাইত চোৰটোক। লগতে এ এছ-১৭-এইচ-০৩৭৫ নম্বৰৰ ভাৰনা বাহন খনত চফিকুলৰ সৈতে একেলগে অহা চফিকুল হকৰ বন্ধু গৌৰীপুৰৰ ১ নং মধু শালমাৰীৰ গোলাম ৰাব্বানী সৰকাৰকো বাহন খনত বহি থকা অৱস্থাত আৰক্ষীয়ে আটক কৰি গাড়ীসহ পলাশবাৰী থানালৈ লৈ যায়। দুয়োগৰাকী চোৰক আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে যদিও চফিকুল হক কুখ্যাত চোৰ বুলি জানিবলৈ দি তেওঁৰ পৰা ভালে সংখ্যক এ টি এম কাৰ্ড উদ্ধাৰ কৰা বুলিও আৰক্ষীয়ে জানিবলৈ দিয়ে‌ । আনহাতে চফিকুল হক ধুবুৰী আইন মহাবিদ্যালয়ৰ ছাত্র বুলি জানিব পৰা গৈছে ।