গুৱাহাটী, সংবাদ ৩৬৫, ২৬ জুলাই: নিশা মহানগৰীত ড্ৰাগছ ব্যৱসায়িক হাতে-লুটে গ্ৰেপ্তাৰ। যোৱা নিশা পশ্চিম গুৱাহাটী সংমণ্ডলৰ উপ আৰক্ষী অধীক্ষক প্ৰাঞ্জল বৰাৰ নেতৃত্বত অভিযান চলাওতে আই এছ বিটিৰ সমীপত নিষিদ্ধ ডব্লিউ ওৱাই নামৰ ড্ৰাগছ পিল বিক্ৰী কৰি থকা অৱস্থাত আমিৰ খান নামৰ ধৃত ব্যৱসায়ীজনক গ্ৰেপ্তাৰ কৰে। ধৃত আমিৰ খানৰ পৰা ১০০০ তকৈ ও অধিক নিষিদ্ধ নিচাজাতীয় চকলেট জব্দ কৰে আৰক্ষীয়ে। জব্দ হোৱা পিল কেইটাৰ মূল্য আনুমানিক ২ লক্ষাধিক টকা।লগতে জব্দ কৰে ধৃত আমিৰৰ ব্যবহৃত মোৱাইল ফোনটো। জানিব পৰা মতে ধৃত আমিৰে দীৰ্ঘ্দিন ধৰি চালক-হেণ্ডিমেন ৰূপে কৰ্মৰত হৈ বিক্ৰী কৰি আহিছিল পিল সমূহ । আৰু এই ড্ৰাগছ সমূহ বাৰ্মাৰ পৰা মনিপুৰ হয় অসমত প্ৰবেশ কৰে। সম্প্ৰতি গ্ৰেপ্তাৰ হোৱা যুবক জনক আই এছ বিটি আৰক্ষী চকীত ৰখা হৈছে ।