নাৰায়ণপুৰ, ৩ মে : ধলপুৰ-জামুগুৰি সংযোগী গড়কাপ্তানী পথৰ শোচনীয় অৱস্থাৰ বাবে এতিয়া যাতায়তৰ ক্ষেত্রত চৰম দুভোগ ভুগিছে পথচাৰীয়ে৷ ২০১১-১২ চনত নিৰ্মাণৰ কাম সম্পূৰ্ণ হোৱা পথটোৰ কাম ঠিকাদৰে অতি নিম্নমানৰ নিৰ্মাণ সামগ্ৰী ব্যৱহাৰ কৰাৰ বাবে নিৰ্মাণ কৰা ছমাহ সৰ্ম্পূণ নৌহওঁতেই ৰাস্তাতটো কিছুমান মৰণফান্দ সৰ্দৃশ গাতলৈ পৰিণত হৈছিল৷ কচুৱাৰ বগাপৰা জানৰ ওপৰত থকা পকী দলংখনৰ সন্মুখভাগত পকী অংশ ভাগি ৰডৰ জালি পৰ্যন্ত ওলাই যোৱা দেখিবলৈ পোৱা গৈছে৷ ফলত সেই ঠাই ডোখৰত বহু কেইটা দুৰ্ঘটনা সংগঠিত হৈছে বুলি গাওঁবাসীয়ে সংবাদ মাধ্যমক জানিবলৈ দিয়ে৷ এই বিপজনক অংশটো মেৰামতি কৰাটো অতিকৈ প্ৰয়োজন যদিও গড়কাপ্তানী বিভাগে চকু মুদা কুলীৰ দৰে ভাওঁ ধৰা পৰিলক্ষিত হৈছে৷ ঠিকাদাৰৰ পৰা কমিছন পোৱাৰ আশাতে গড়কাপ্তানি বিভাগৰ অভিযন্তাই পথটোৰ থকা মৰণফান্দ সৰ্দৃশ গাঁতবোৰ দেখিও নেদেখাৰ ভাওঁ ধৰা পৰিলক্ষিত হৈছে৷ পৰিৰ্বতনকামী বিজেপি চৰকাৰখনে এনেবিলাক ঠিকাদাৰ আৰু গড়কাপ্তানি বিভাগৰ অভিযন্তাক নাকী লগাব পাৰিবনে? সেয়া আজিৰ দিনত এক ডাঙৰ প্ৰশ্ন৷