গুৱাহাটী, ৩ মে : গুৱাহাটী মহানগৰীৰ আমবাৰীত সংঘটিত হোৱা অগ্নিকাণ্ডস্থলীত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা উপস্থিত হৈ মাটিৰ গৰাকীৰ বিৰুদ্ধে তদন্তৰ নিৰ্দেশ দিয়ে। মন্ত্ৰীগৰাকীয়ে অগ্নিকাণ্ডৰ ফলত ক্ষতিগ্ৰস্ত হোৱা লোকসকলৰ পুনৰ সংস্থাপনৰ আশ্বাস প্ৰদান কৰি তৎকালীন সাহায্য হিচাপে দহ হাজাৰ টকাকৈ প্ৰদান কৰিব বুলি জানিবলৈ দিয়ে। মন্ত্ৰীগৰাকীয়ে অগ্নিকাণ্ডত ক্ষতিগ্ৰস্ত ছাত্ৰ-ছাত্ৰীসকলৰ প্ৰতি লক্ষ্য ৰাখি কিতাপ-বহীৰ ব্যৱস্থা বাবেও জিলা প্রশাসনক নিৰ্দেশ দিয়ে। ৰাজ্য চৰকাৰৰ লগতে অজমাল ফাউণ্ডেচনে খাদ্য সামগ্ৰী, কাপোৰ তথা অন্যান্ন প্ৰয়োজনীয় সামগ্ৰীৰ  যোগানৰ বাবে ২.৫ লাখ টকা প্ৰদান কৰে৷ ৰাজ্য চৰকাৰ আৰু আজমল ফাউণ্ডেচনৰ লগতে বিভিন্ন স্বেচ্ছাসেৱী সংস্থাই ক্ষতিগ্ৰস্ত পৰিয়াল কেইটাক সহায় আগবঢ়ায় । যোৱা নিশা প্ৰায় ৮ বজাত মহানগৰীৰ আমবাৰীত এক অগ্নিকাণ্ডত ৪০টাকৈ পৰিয়ালৰ ঘৰ জ্বলি ছাই হৈ যায়। অগ্নিকাণ্ডত এটাৰ পিছত এটাকৈ মুঠ ১৬টা ৰন্ধন গেছৰ চিলিণ্ডাৰ বিস্ফোৰণ হয়। অগ্নিনিৰ্বাপক বাহিনীৰ ১৪খনকৈ গাড়ীয়ে প্ৰায় দু ঘণ্টা সময় চেষ্টা কৰি অগ্নিকাণ্ড নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয়।