বঙাইগাঁৱৰ পৰা কিশোৰ কুমাৰ দাস, সংবাদ ৩৬৫, ২৭ মেঃ সদ্য অনুস্থিত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ পৰীক্ষাত হোৱা খেলিমেলিৰ তদন্ত কৰিবলৈ বঙাইগাঁৱত উপস্থিত হৈ চিআইডিৰ দলে তদন্ত আৰম্ভ কৰিছে। চিআইডিৰ পৰিদৰ্শক ৰাজীৱ কুমাৰ শইকীয়াৰ নেতৃত্বত ৰাহেন শৰ্মা আৰু ধ্ৰুৱ দাস সহ ৩ জনীয়া চিআইডিৰ দলটোৱে জিলাখনৰ বিভিন্ন পৰীক্ষা কেন্দ্ৰত উপস্থিত হৈ ইতিমধ্যে তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিছে। বিশেষকৈ মোবাইল লৈ পৰীক্ষাত বহি বহিস্কৃত হোৱা পৰীক্ষাৰ্থী আৰু সংশ্লিষ্ট কেন্দ্ৰটোৰ দায়িত্বত থকা লোকসকলক সোধ-পোছ অব্যাহত ৰাখিছে চিআইডিৰ দলটোৱে। জিলাখনৰ বঙাইগাঁও ৰেলৱে উচ্চতৰ মাধ্যমিক বিদ্যালয়ত এগৰাকী আৰু বইটামাৰীৰ ইন্দিৰা গান্ধী মহাবিদ্যালয়ত দুগৰাকী পৰীক্ষাৰ্থী মোবাইল লৈ পৰীক্ষাত বহি বহিস্কৃত হৈছিল। এই কেন্দ্ৰ দুটাৰ দ্বায়িত্বত থকা ভাৰপ্ৰাপ্ত বিষয়া,পৰীক্ষা নিয়ন্ত্ৰক, পৰ্যবেক্ষক, স্থানীয় লোক, শিক্ষানুষ্ঠান দুটাৰ কৰ্মচাৰী আৰু বহিস্কৃত পৰীক্ষাৰ্থীৰ পৰা চিআইডিৰ দলটোৱে ভাষ্য সংগ্ৰহ কৰিছে যদিও একাংশ বহিস্কৃত পৰীক্ষাৰ্থীয়ে চিআইডিৰ দলটোক সাক্ষাৎৰ কৰাৰ পৰা বিৰত থাকে। চিআইডিৰ দলটোক সাক্ষাৎৰ কৰাৰ পৰা বিৰত থকা পৰীক্ষাৰ্থী সকলৰ সন্ধানত দলটোৱে অভিযান আৰম্ভ কৰিছে। উল্লেখ্য যে যোৱা ২০ মেত অনুষ্ঠিত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ লিখিত পৰীক্ষাত হোৱাটছএপ যোগে প্ৰশ্ন কাকত ফাদিল হোৱা, পৰীক্ষা কেন্দ্ৰত একাংশ পৰীক্ষাৰ্থীয়ে মোবাইল ফোন ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপিত হোৱাৰ পিছতে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ নিৰ্দেশ মৰ্মে সমগ্ৰ পৰীক্ষা প্ৰক্ৰিয়াৰ তদন্তৰ দ্বায়িত্ব চিআইডিক অৰ্পণ কৰা হৈছে। চিআইডিয়ে ভাৰতীয় দণ্ডবিধি আইনৰ ১২০(বি) ৪০৬/১৬৬ আৰ/ডব্লিউ চেকচন ৬৬ অফ আইটি এক্টৰ অধীনত ১৪/১৮ নং গোচৰ ৰুজু কৰি অনুসন্ধান আৰম্ভ কৰিছে। চিআইডিয়ে বৰাক উপত্যকা, ধুবুৰী, বঙাইগাঁও আৰু নলবাৰীকে ধৰি ৪ টা দল গঠন কৰি তদন্ত আৰম্ভ কৰিছে। যোৱা দুদিন ধৰি চিআইডিৰ দলটোৱে বঙাইগাঁৱত অনুসন্ধান অব্যাহত ৰাখিছে।