কাৰ্বি আংলঙ, সংবাদ ৩৬৫, ১৫ জুনঃ বছৰৰ প্ৰথমটো বানে উজনি অসমৰ কেইবাখনো জিলাত তাণ্ডৱৰ সৃষ্টি কৰাৰ লগতে পাহাৰীয়া ৰাজ্য কাৰ্বি আংলঙৰো বিভিন্ন অঞ্চল বুৰাই পেলাইছে। বিগত তিনিদিন ধৰি অব্যহত থকা নেৰা-নেপেৰা বৰষুণৰ ফলত কাৰ্বি আংলঙৰ নৈ সমূহত ফেনে-ফুটুকাৰে জলস্তৰ বৃদ্ধি পোৱাৰ লগতে উফন্দি উঠিছে কপিলী নদীৰ পানী। কপিলী নদীৰ পানীয়ে বুৰাই পেলাইছে পশ্চিম কাৰ্বি আংলঙ জিলাৰ বহু অঞ্চল৷ জিলাখনৰ তৰাডুবী, নাম তৰাডুবী, হাতীমৰা, হালদীকং ১নং, হালদীকং ২ নংকে ধৰি বহু অঞ্চল এতিয়া বানত আক্ৰান্ত। আনহাতে পশ্চিম কাৰ্বি আংলঙ-হোজাই সংযোগী একমাত্র গড়কপ্তানি পথটিৰ ওপৰেদি কপিলী নদীৰ বাঢ়নী পানী বাগৰাত দুয়োখন জিলাৰে যাতায়ত ব্যৱস্থা সম্পূৰ্ণৰূপে বিচ্ছিন্ন হৈ পৰিছে। জিলাখনৰ নাম তৰাডুবী প্রাথমিক বিদ্যালয়খন বানৰ পানীৰ ডুব যোৱাত শিক্ষা গ্রহণৰ পৰা বঞ্চিত হব লগা হৈছে ছাত্র-ছাত্রী সকল।