শিমলুগুৰিৰ পৰা নেকিবুল হক, সংবাদ ৩৬৫, ১৪ জুনঃ ইতিহাস প্ৰসিদ্ধ শিৱসাগৰ জিলাৰ বিভিন্ন প্ৰান্তত আজিও সিঁচৰিত হৈ আছে বহু পৌৰাণিক সম্পদ৷ বৃহস্পতিবাৰে শিৱসাগৰ জিলাৰ নাজিৰা বামুনপুখুৰী চাহ বাগিচাৰ ২৬ নম্বৰ চেক্টৰ বাগিচাৰ নলা খান্দি থাকোতে মাটিৰ তলৰ পৰা উলাল ১৭৯ খন জাঁঠি সদৃশ আহোম যুগৰ যুদ্ধ সামগ্ৰী৷ মাটিৰ তলৰ পৰা আহোম যুগৰ সামগ্ৰী উদ্ধাৰ হোৱা ঘটনাই পুনৰ আহোম যুগৰ ইতিহাস সোঁৱৰাই দিয়ে৷ নাজিৰা বামুণপুখুৰী চাহ বাগিছাত শ্ৰমিক সকলে এটা নলা খান্দি থাকোতে মাটিৰ তলৰ পৰা এখন এখন কৈ মুঠ ১৭৯ খন জাঁঠি উদ্ধাৰ কৰে৷ আহোম যুগৰ পৌৰাণিক যুদ্ধৰ আহিলা সমুহ উদ্ধাৰ কৰাৰ পাছত বাগিছাৰ কতৃপক্ষই উদ্ধাৰ হোৱা সামগ্ৰী সমূহৰ বিষয়ে প্ৰশাসনক অৱগ কৰাত নাজিৰা আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ সামগ্ৰীখিনি উদ্ধাৰ কৰি সংৰক্ষণৰ ব্যৱস্থা কৰিছে৷