শিমলুগুৰিৰ পৰা নেকিবুল হক, সংবাদ ৩৬৫, ৭ জুনঃ নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত ৰাজ্যজুৰি প্ৰতিবাদ অব্যহত থকাৰ বৃহস্পতিবাৰে শিমলুগুৰিত সহস্ৰাধিক লোক বিধেয়কখন বাতিলৰ দাবীত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। সদৌ তাই আহোম ছাত্র সন্থা, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি আৰু সংগ্ৰামী যুৱ ছাত্র পৰিষদৰ আহ্বান মৰ্মে এক প্ৰতিবাদী সমদল উলিয়াই প্ৰচণ্ড গৰমকো নেওচি বিজেপি চৰকাৰ মূর্দাবাদ, আৰএছএছ মুৰ্দাবাদ, জাতীয় নায়ক হায় হায় শ্লোগানে সহস্ৰাধিক পুৰুষ মহিলাৰ লগতে ছাত্র ছাত্ৰী সকলে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰি ৰাজপথ উত্তাল কৰি তোলে। বিধেয়কখনৰ বিৰোধিতা কৰি বিজেপি চৰকাৰ জাতীয় নায়ক সৰ্বানন্দ সোণোৱালক তীক্ষ্ণ ভাষাৰে সমালোচনা আৰু প্ৰত্যাহ্বান জনাই সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদৰ মুখ্য উপদেষ্টা অংকুৰ শইকীয়া, আটাছুৰ মুখ্য উপদেষ্টা অশ্বীনি চেতিয়া সম্পাদক লিটুল বুঢ়াগোহাঁই, কৃষক মুক্তিৰ সম্পাদক ধৈৰ্য্য কোৱৰ, গণ মুক্তি সংগ্ৰাম সমিতিৰ মুখ্য আহ্বায়াক ল্যূ চেন শ্যাম গোহাঁই, ছাত্ৰ মুক্তিৰ সম্পাদক মানস কোঁৱৰৰে মন্তব্য প্ৰকাশ কৰি নাগতিকত্ব সংশোধনী বিধেয়কখন অতি শীঘ্ৰে বাতিল কৰাৰ দাবী জনায়।