প্ৰথম দিনাই ধুবুৰীৰ চাপৰত বহিষ্কৃত ১৭ গৰাকীকৈ পৰীক্ষাৰ্থী

In ৰাজ্য
Scholars

ধুবুৰী, সংবাদ ৩৬৫, ১০ ফেব্ৰুৱাৰী : হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ প্ৰথম দিনাই ধুবুৰী জিলাৰ চাপৰত বহিষ্কৃত হ’ল ১৭ গৰাকীকৈ পৰীক্ষাৰ্থী।পৰীক্ষাকেন্দ্ৰত নকল কৰি থকা অৱস্থাত ধৰা পৰি চাপৰৰ দুখনকৈ বিদ্যালয়ৰ ১৭ গৰাকী পৰীক্ষাৰ্থী বহিষ্কৃত হ’ল।

সোমবাৰৰ পৰা আৰম্ভ হোৱা হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ প্ৰথম দিনাই ধুবুৰী জিলাৰ চাপৰৰ দুখনকৈ বিদ্যালয়ৰ ১৭ গৰাকী পৰীক্ষাৰ্থী পৰীক্ষাকেন্দ্ৰত নকল কৰি থকা অৱস্থাত ধৰা পৰি বহিষ্কৃত হ’ব লগা হ’ল। চাপৰৰ বহলপুৰৰ ৰাইজৰা উচ্চতৰ মাধ্যমিক বিদ্যালয় পৰীক্ষাকেন্দ্ৰত ১০ গৰাকী পৰীক্ষাৰ্থী আৰু শালকোচা উচ্চতৰ মাধ্যমিক বিদ্যালয় পৰীক্ষাকেন্দ্ৰত ৭ গৰাকী পৰীক্ষাৰ্থী নকল কৰি থকা অৱস্থাত ধৰা পেলাই বহিষ্কৃত কৰে ৰাজহ চক্ৰ বিষয়া নৱজিৎ পাঠকে। পৰীক্ষাত নকল কৰি ধৰা পৰা পৰীক্ষাৰ্থী সকলক ছেবাৰ নতুন নিয়ম অনুসৰি তিনি বছৰৰ বাবে বহিষ্কৃত কৰা হৈছে।

উল্লেখ্য যে ২০২০ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৮৬০টা পৰীক্ষা কেন্দ্ৰত অৱতীৰ্ণ হৈছে মুঠ ৩,৫৮,৪৫৩ গৰাকী পৰীক্ষাৰ্থী। ইয়াৰে ১,৬৭,৮৫০ গৰাকী ছাত্ৰৰ বিপৰীতে ছাত্ৰীৰ সংখ্যা হৈছে ১,৯০,৬০৩ গৰাকী।

You may also read!

খেদি খেদি চিলনী চোৰক কৰায়ত্ত কৰিলে ১৫ বছৰীয়া কিশোৰীয়ে

কুন্দন ভৰালী নগাঁও ২৮ ছেপ্টেম্বৰ খেদি খেদি চিলনী চোৰক কৰায়ত্ত কৰিলে এগৰাকী ১৫ বছৰীয়া কিশোৰীয়ে। চোৰ ধৰিব নোৱাৰা আৰক্ষীক চিলনী চোৰ কৰায়ত্ত

Read More...

প্ৰাক্তন মুখ্যমন্ত্ৰী চৈয়দা আনোৱাৰা টাইমূৰৰ মৃত্যুত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাৰ শোক প্ৰকাশ

গুৱাহাটী ২৮ ছেপ্টেম্বৰ অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী চৈয়দা আনোৱাৰা টাইমূৰৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ৰিপুণ বৰাই।

Read More...

প্ৰায় ৩২ কোটি টকা মূল্যৰ নিষিদ্ধ হেৰইনসহ এজন আটক

ডিফু ২৮ ছেপ্তেম্বৰ কাৰ্বি আংলং জিলা আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযানৰ অন্য এক বৃহৎ সাফল্য। অসম-নাগালেণ্ড সীমান্তৱৰ্তী এলেকাত অভিযান চলাই পুনৰ জব্দ

Read More...

Mobile Sliding Menu