নিউজ ডেস্ক, সংবাদ ৩৬৫, ৩০ এপ্ৰিল : এটি ব্যক্তিগত সংস্থাৰ প্ৰচেষ্টাত গঢ় লৈ উঠা এখন ৰিজ’ৰ্ট এতিয়া আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে দেশী-বিদেশী পৰ্যটকৰ বাবে । প্লাষ্টিক সামগ্ৰী নিষিদ্ধ এই ব্যতিক্ৰমী ৰূপত গঢ় লৈ উঠা ৰিজ’ৰ্টখনে এতিয়া জীৱিকাৰ সন্ধান দিছে ৫০ টাকৈ স্থানীয় পৰিয়ালক।

গ্ৰাম্যাঞ্চলত সম্পূৰ্ণ গ্ৰাম্য পৰিৱেশত এখন বিশেষ ৰিজ’ৰ্ট- নাম কনকা ভিলেজ ৰিজ’ৰ্ট। ক্ৰমাৎ দেশী-বিদেশী পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে কনকা ভিলেজ ৰিজ’ৰ্ট । এটি প্ৰতিষ্ঠানৰ প্ৰচেষ্টাত ৫০টাকৈ পৰিয়ালে দেখিবলৈ সক্ষম হৈছে জীবিকাৰ বাট । ব্যতিক্ৰমী ৰিজ’ৰ্টখনত সম্পূৰ্ণৰূপে বন্ধ প্লাষ্টিক। কলপাতত আহাৰৰ লগতে পৰিৱেশিত হয় থলুৱা খাদ্য। কংক্ৰিটৰ ব্যস্ততাপূৰ্ণ জীৱনৰ পৰা আতৰি গ্ৰামাঞ্চলৰ মনোমোহা পৰিৱেশৰ ৰিজৰ্ট।

ওদালগুৰি-শোণিতপুৰ জিলাৰ সীমান্তৱৰ্তী হুগ্ৰাজুলিৰ পাঁচনৈ গাওঁত এদল যুৱকৰ প্ৰচেষ্টাত গঢ় লৈ উঠিছে এখন আকৰ্ষণীয় ৰিজ’ৰ্ট। নাম হৈছে কনকা ভিলেজ ৰিজ’ৰ্ট। ২০১৮ চনৰ ফেব্ৰুৱাৰী মাহত প্ৰতিস্থা লাভ কৰা ৰিজৰ্টখনলৈ বৰ্তমান ক্ৰমাৎ বৃদ্ধি পাই আহিছে পৰ্যটকৰ সংখ্যা। কেৱল ভাৰতবৰ্ষৰ পৰ্যটকেই নহয়; লণ্ডন , চীন ইত্যাদি বহি:ৰাষ্ট্ৰৰ পৰা বৰ্তমান সোঁত বৈছে পৰ্যটকৰ। গুৱাহাটী মহানগৰৰ পৰা ১৩৫ কিল’মিটাৰ ।ওদালগুৰি-শোণিতপুৰ জিলাৰ মাজেৰে পাৰ হৈ যোৱা ১৫ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ চিৰাজুলিৰ পৰা উত্তৰে প্ৰায় ১৬ কিল’মিটাৰ দূৰৈত পাঁচনৈ গাওঁৰ এক নিভাজ গ্ৰাম্যাঞ্চলৰ গ্ৰাম্য পৰিৱেশৰ মাজত অৱস্থিত ‘কনকা ভিলেজ ৰিজ’ৰ্ট’ৰ। প্ৰাকৃতিক মনোমোহা দৃশ্য‌ই প্ৰতিজন পৰ্যটকক হাত বাউলি মাতে। যান্ত্ৰিকতা জীৱনৰ পৰা আতৰি এক সুকীয়া গ্ৰামাঞ্চল পৰিৱেশত প্ৰতিগৰাকী পৰ্যটকে উপভোগ কৰিব পাৰে প্ৰকৃতিৰ নৈসৰ্গিক পৰিৱেশৰ আমেজ। গাওঁ অঞ্চলৰ বাটচৰাৰ পৰা আৰম্ভ কৰি খেৰি ঘৰ, পাকঘৰ, ফুলৰ বাগিচা, চাহ বাগিচা তথা গছৰ মুঢ়াৰ চকী-মেজ ইত্যাদি সকলোৰে অভিজ্ঞতা পৰ্যটকসকলে সহজে উপভোগ কৰিব পৰে।

ইয়াৰোপৰি কন কন শিশুহতঁৰ বাবে খেল-ধেমালিৰ উদ্যান, নাও চলোৱা, বৰশী বোৱা ইত্যাদিৰ আনন্দ‌ও উপভোগ কৰিব পাৰি। ৰিজ’ৰ্টখনত যোগান ধৰা কলপাতত দিয়া ভাত, বিভিন্ন মাংসৰ লগতে প্ৰতিবিধ থলুৱা খাদ্য‌ই সকলোকে তাহানিৰ গাওঁ অঞ্চলৰ থলুৱা খাদ্যৰ স্মৃতি সোঁৱৰাই দিয়ে।

উক্ত ৰিজৰ্টখনতেই পাঁচনৈ গাওঁৰ প্ৰায় ৫০টাকৈ পৰিয়ালে জীৱিকাৰ বাট দেখিবলৈ সক্ষম হৈছে। আসামিকা এগ্ৰো প্ৰাইভেট লিমিটেডৰ অধীনত আৰম্ভ হোৱা উক্ত ৰিজ’ৰ্টখনৰ পৰিচালকৰ পদত আছে প্ৰণৱ জ্যোতি নাথ আৰু মনময়ুৰী দেৱী নামৰ দুগৰাকী স্থানীয় লোক। উল্লেখ্য যে কৰ্মসূত্ৰে আমেৰিকা যুক্তৰাষ্ট্ৰত বাস কৰে প্ৰণৱজ্যোতি নাথে। স্থানীয় দুখীয়া লোকসকলক জীৱিকাৰ বাট তথা এখন অতি পিছপৰা অঞ্চলতো যে পৰ্যটনৰ সম্ভাৱনা থকা ক্ষেত্ৰ হিচাপে গঢ়ি তুলিব পাৰি সেই লক্ষ্যৰে বিগত প্ৰায় এবছৰ পূৰ্ৱে প্ৰায় কেইবা বিঘা ভূমিৰে আগুৰা এক অঞ্চলত মুকলি কৰা হয় এই ৰিজ’ৰ্টখন। ৰিজ’ৰ্টখনলৈ অহা প্ৰতিগৰাকী লোকে ব্যতিক্ৰমী ৰিজ’ৰ্টখনক প্ৰসংশা কৰাৰ লগতে পুনৰ এই ৰিজৰ্টলৈ অহাৰ কথা সদৰি কৰে।

ৰিজ’ৰ্টখনৰ চোৱাচিতাৰ দ্বায়িত্বত থকা অনন্ত নাথ নামৰ লোকজনে সাংবাদিকৰ আগত মত ব্যক্ত কৰি কয় যে ৰিজৰ্টখনত নিশা কটাই ইয়াৰ সৌন্দৰ্য উপভোগ কৰিব পাৰে পৰ্যটকসকলে। পৰিৱেশৰ ভাৰসাম্যতা ৰক্ষাৰ স্বাৰ্থত সমগ্ৰ ৰিজ’ৰ্টখনতে প্লাষ্টিকজাতীয় সামগ্ৰীৰ ব্যৱহাৰ নিষিদ্ধ কৰাৰ কথা উল্লেখ কৰি পৰ্যটকসকলক কলপাততে আহাৰ পৰিৱেশন কৰে বুলি নাথে জানিবলৈ দিয়ে।

অতি কম মূল্যত থকা খোৱাৰ ব্যৱস্থা থকা এই ৰিজ’ৰ্টখনলৈ এতিয়া আগমণ ঘটিছে দেশী বিদেশী পৰ্যটকৰ। প্ৰায় এবছৰ পূৰ্ৱে নতুনকৈ স্থাপন হোৱা ৰিজ’ৰ্টখনৰ পৰা বৰ্তমান মাহিলী প্ৰায় তিনিৰ পৰা পাঁচলাখ টকা উপাৰ্জন হোৱা বুলি জানিব পৰা গৈছে। কোনো লোকে ৰিজ’ৰ্টখনলৈ আহি ইয়াৰ পৰিৱেশ উপভোগ কৰিবলৈ বিচাৰিলে আগতীয়াকৈ অনলাইনযোগে বুকিং কৰিব পাৰি বুলিও জানিবলৈ দিয়ে কৰ্তৃপক্ষ‌ই। প্ৰতিগৰাকী পৰ্যটকক নিজৰ ভ্ৰমণৰ অন্তত এখন অসমীয়া ফুলাম গামোচাৰে ধন্যবাদ জ্ঞাপন কৰা কাৰ্যত পৰ্যটকসকলে এক ব্যতিক্ৰমী আমেজ উপভোগ কৰে।