বঙাইগাঁৱৰ পৰা কিশোৰ দাস,  সংবাদ ৩৬৫, ২৩ ফেব্ৰুৱাৰীঃ বঙাইগাঁও চহৰৰ মাজমজিয়াত থকা ব্ৰহ্মপুত্ৰ কাৰ্বন ফেক্টৰী নামৰ উদ্যোগ এটাই ব্যাপক প্ৰদূৰ্ষণ সৃষ্টি কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে৷ চহৰখনৰ জনবহুল এলেকাত স্থাপন কৰা উদ্যোগটোৰ বিৰুদ্ধে ৰাইজে জিলা প্ৰশাসন আৰু প্ৰদূৰ্ষন নিয়ন্ত্ৰণ বিভাগক বহুবাৰ আবেদন জনোৱাৰ পিছতো বিহিত ব্যৱস্থা গ্ৰহণ নকৰাত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃস্টি হৈছে। নিউ বঙাইগাঁৱত থকা ব্ৰহ্মপুত্ৰ কাৰ্বন উদ্যোগে সমগ্ৰ অঞ্চলটোতে ব্যাপক প্ৰদূৰ্ষণ সৃষ্টি কৰি আহিছে। উদ্যোগটোৰ পৰা ওলোৱা কলা কাৰ্বনৰ গুৰিসমুহ বতাহৰ লগত মিলি সমগ্ৰ অঞ্চলটোতৰ বায়ু বিষাক্ত কৰি তুলিছে। এই বিষাক্ত বায়ু সেৱন কৰাৰ ফলত অঞ্চলটোৰ লোকসকল চৰ্মৰোগ, হাওঁফাওঁৰ ৰোগকে ধৰি বিভিন্ন ৰোগত আক্ৰান্ত হ’ব লগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে ৷ কাৰ্বনৰ গুৰি মিহলি হোৱাৰ পানীৰ ৰং সলনি হৈ পৰাৰ ফলত পানীৰ টেপৰ পৰা নিৰ্গত হয় খোৱাৰ অনুপোযোগী কলা পানী।অঞ্চলটোত থকা খোৱা পানীৰ উৎসসমুহ ঢাকি ৰাখিও ইয়াক প্ৰদূষণৰ পৰা ৰক্ষা কৰিবলৈ সক্ষম হোৱা নাই ৰাইজ৷ সেইদৰে বতাহত উৰি ফুৰা কাৰ্বনৰ গুৰিসমুহে আৱাসীসকলৰ ঘৰুৱা বয় বস্তুৰ ওপৰত কলা চামনি পেলাইছে৷ উদ্যোগটোৰ সন্মুখতে কেইবাখনো শিক্ষানুষ্ঠান থকাৰ ফলত ছাত্ৰ ছাত্ৰীসকলে এই দূষিত বায়ু সেৱন কৰি থাকিবলগীয়া হৈছে৷ ইফালে আৱাসীক এলেকাৰ মাজত স্থাপন কৰা উদ্যোগটোৱে ব্যাপক শব্দ প্ৰদূৰ্ষনৰো সৃষ্টি কৰাৰ ফলত স্থানীয় লোকৰ নিদ্ৰাহৰন কৰিছে৷ উদ্যোগটোৰ ব্যাপক প্ৰদূৰ্ষণে অঞ্চলবাসীক শংকিত কৰি তুলিছে৷ জিলা প্ৰশাসন আৰু প্ৰদূষন নিয়ন্ত্ৰন বিভাগক এই বিষয়ে ৰাইজে কেইবাবাৰো অৱগত কৰাৰ পিছতো কোনো ধৰণৰ ব্যৱস্থা গ্ৰহন নকৰাত অনাগত দিনবোৰত এই বৃহৎ অঞ্চলটোত বসবাস কৰা লোকসকলৰ জনস্বাস্থ্যৰ প্ৰতি এক বৃহৎ ভাবুকি কঢ়িয়াই আনিব এয়া ধুৰূপ।