নগাঁও, সংবাদ ৩৬৫, ২৪ ফেব্ৰুৱাৰীঃ নগাঁও চহৰৰ মাজ মজিয়াত শুক্ৰবাৰে নিশা এক ব্যৱসায়ীক প্ৰতিষ্ঠানত চুৰি কাৰ্য্য সংঘটিত হয়। জানিব পৰা মতে নিশা নগাঁওস্থিত নতুন বজাৰৰ এজি ফুড মাৰ্টত দোকানৰ চাটাৰ ভাঙি চুৰে কেচ বক্সৰ পৰা নগদ ৬৫ হাজাৰ টকা লুটি নিয়ে৷ চাৰি চকীয়া এখন বাহনলৈ পাঁচজনীয়া এটা চুৰৰ দল আহি এজি ফুড মাৰ্টৰ নৈশ চকিদাৰক পিষ্টল দেখুৱাই মাৰপিট কৰাৰ লগতে দোকানৰ চাটাৰ ভাঙি চুৰৰ দলটোৱে লুটপাত চলায়৷ একে নিশাই নগাঁও চহৰৰ ইটাচালীৰ এখন সুৰাৰ বিপনীতো চুৰৰ দলটোৱে লুটপাত চলোৱা বুলি জানিব পৰা গৈছে।