বঙাইগাঁও ,সংবাদ ৩৬৫, ১১ অক্টোবৰ: বঙাইগাঁও জিলাৰ বীনাপাণি ইউনাইটেড হাইস্কুলত বৃহস্পতিবাৰে ছাত্ৰ ছাত্ৰীক অশ্লীল ভাষাৰে শিক্ষকে গালি গালাজ পৰাৰ লগতে প্ৰধান শিক্ষকৰ পদক লৈ দুই শিক্ষকৰ টনাআজোৰাৰ বাবে পৰিবেশ বিনষ্ট হোৱাত ক্ষুদ্ধ ছাত্ৰ ছাত্ৰী সকলে থানা ঘেৰাও কাৰ্যসূচী পালন কৰে। । দীৰ্ঘদিন ধৰি বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ পদক লৈ টনাআজোৰাৰ ফলত বিদ্যালয় খনত শৈক্ষিক পৰিৱেশ বিনষ্ট হোৱাৰ অভিযোগ উত্থাপিত হৈছে। বৃহস্পতিবাৰে গুণোৎসৱ পৰীক্ষা বাদ দি বিদ্যালয়ৰ পৰা ছাত্ৰ ছাত্ৰীসকলে ওলাই আহি কোকিলা আৰক্ষী নিৰীক্ষণ চকী ঘেৰাও কৰি শিক্ষকৰ মইমতালিৰ বিৰুদ্ধে আন্দোলনৰ কাৰ্যসূচী পালন কৰে। অৱশ্যে কোকিলা আৰক্ষী চকীৰ আৰক্ষী বিষয়া আৰু বঙাইগাঁও জিলা বিদ্যালয় সমূহৰ পৰিদৰ্শক ছাদ্দুল্লা খানৰ তৎপৰতাত পৰিস্থিতি নিয়ন্ত্ৰণলৈ আহে আৰু তেওৰ অনুৰোধ মৰ্মে ছাত্ৰ-ছাত্ৰী পৰিক্ষা দিবলৈ বহে। বিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি দুলাল চন্দ্ৰ বসাক, সংস্কৃতি শিক্ষয়িত্ৰী চন্দ্ৰ প্ৰভা দাস আৰু শিক্ষক সপোন বসাকে ছাত্ৰ ছাত্ৰীক দুৰ্ব্যৱহাৰ কৰাৰ অভিযোগ তুলিছে। গুনোউৎসৱৰ শেষৰ দিনা পৰীক্ষাত বহিবলৈ নিদি দুৰ্ব্যৱহাৰ কৰা কায্যই প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।
![](https://sangbad365.com/wp-content/uploads/2018/10/IMG-20181011-WA0009.jpg)