বাক্সা, সংবাদ ৩৬৫, ৩ জুলাইঃ বাক্সা জিলাৰ কুমাৰীকাটা বনাঞ্চলিক এলেকাৰ অন্তৰ্গত ভাৰত-ভূটান সীমান্তত একাংশ চোৰাং কাঠ ব্যৱসায়ীয়ে অবৈধ কাঠৰ ৰমৰমীয়া বেহা চলাই থকাৰ অভিযোগ দীৰ্ঘদিন ধৰি উত্থাপিত হৈ আহিছে। চোৰাং কাঠৰ ব্যৱসায়ী সকলে সীমান্ত অঞ্চলটোত কাঠ ফুলাৰ দৰে গঢ়ি তুলিছে অবৈধ কাঠ ফলা মিল। জিলাখনৰ বিভিন্ন অঞ্চলত চোৰাং কাঠৰ বেহাৰ অভিযোগ উত্থাপিত হৈ থকাৰ মাজতে মঙলবাৰে ভাৰত-ভূটান সীমান্তত থকা এছ এছ বিৰ বাহিনীয়ে বন বিভাগৰ সহযোগত কুমাৰীকাটা আঞ্চলিক বন বিষয়াৰ কাৰ্যলয়ৰ অন্তৰ্গত গোপীনাথপুৰত এক অভিযান চলাই এটা অবৈধ কাঠ ফলা মিল উচ্ছেদ কৰে৷ অভিযানত বন বিভাগৰ লোকে অবৈধ মিলটোৰ পৰা বহু মুল্যবান কাঠসহ প্ৰায় দুই লাখ টকা মুল্যৰ সামগ্ৰী জব্দ কৰিবলৈ সক্ষম হয়।