গুৱাহাটী

২৩ আগষ্ট

কণ্ঠশিল্পী বাবু বৰুৱা আৰু অজয় ফুকনৰ লগত দেওবাৰ উগ্ৰতাৰা দেৱালয়ত উপস্থিত হ’ল অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ৰিপুন বৰা। ২৫ আগষ্টত কংগ্ৰেছ দলত যোগদান কৰিব বাবু বৰুৱা আৰু অজয় ফুকন। কংগ্ৰেছত যোগদানৰ পূৰ্বে উগ্ৰতাৰা দেৱালয়ত দেৱালয়ত আশীৰ্বাদ বিচাৰি উপস্থিত বাবু বৰুৱা আৰু অজয় ফুকন।

কংগ্ৰেছ দলত যোগদানৰ পূৰ্বে কণ্ঠশিল্পী বাবু বৰুৱা আৰু অজয় ফুকনক লগত লৈ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ৰিপুন বৰা উগ্ৰতাৰা দেৱালয়ত উপস্থিত হৈ দেৱীৰ আশীৰ্বাদ লয়। ৰিপুন বৰাই কংগ্ৰেছৰ দলত যোগদান কৰিবলৈ আগুৱাই অহাৰ বাবে বাবু বৰুৱা আৰু অজয় ফুকনক শুভেচ্ছা জ্ঞাপন কৰি কয় যে অহা ২৫ আগষ্টত বাবু বৰুৱা আৰু অজয় ফুকন কংগ্ৰেছ দলত আনুষ্ঠানিকভাৱে যোগদান কৰিব, তেওঁলোকে এইটো এটা ভাল পদক্ষেপ লৈছে আৰু সেইহে আজি তেওঁলোকে উগ্ৰতাৰা দেৱালয়ত আশীৰ্বাদ ল’বলৈ আহিছে।

কংগ্ৰেছ আৰু এ আই ইউ ডি এফ দলৰ মিত্ৰতাক কংগ্ৰেছ দলৰ কিছুমান নেতাই বিৰোধ কৰা সন্দৰ্ভত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৰাকীয়ে কয় যে কংগ্ৰেছ আৰু এ আই ইউ ডি এফ দলৰ মিত্ৰতাকলৈ কংগ্ৰেছ দলত কোনো ধৰণৰ প্ৰভাৱ নপৰে। এতিয়া মাত্ৰ মিত্ৰতাৰ সিদ্ধান্তহে গ্ৰহণ কৰা হৈছে। পৰৱৰ্তী সময়ত মিত্ৰতাক লৈ এক দীঘলীয়া আলোচনা হ’ব। আলোচনাৰ পিছত মিত্ৰতাকলৈ যিবোৰ সিদ্ধান্ত লোৱা হ’ব ইয়াৰ পিছত দলত কোনো ধৰণ বিৰোধিতা নহ’ব বুকিও জানিবলৈ দিয়ে ৰিপুন বৰাই। ৰিপুন বৰাই লগতে কয় যে আমি অসমৰ স্বাৰ্থতে মিত্ৰতাৰ দিশে আগবাঢ়িছো। বৰ্তমানলৈকে আসন সন্দৰ্ভত কোনো আলোচনা হোৱা নাই যদিও আসনকলৈ সকলো সিদ্ধান্ত কংগ্ৰেছ দলৰে হ’ব বুলিও জানিবলৈ দিয়ে ৰিপুন বৰাই।

ইফালে দুলু আহমেদৰ দল ত্যাগক লৈ ৰিপুন বৰাই কয় পূৰ্বেও বহু লোকে কংগ্ৰেছ এৰি গৈছে। কংগ্ৰেছ দলৰ আদৰ্শৰ লগত মিল নোহোৱা মানুহে দল ত্যাগ কৰিছে। কৃষক মুক্তি সংগ্রাম সমিতিৰ নতুন ৰাজনৈতিক দলৰ লগত কংগ্ৰেছৰ দলৰ মিত্ৰতা সন্দৰ্ভত সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত ৰিপুন বৰাই কয় যে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ লগত মিত্ৰতা সন্দৰ্ভত কোনো আলোচনা হোৱা নাই যদিও বিজেপি বিৰোধী সকলো শক্তিৰ লগতে আমাৰ মিত্ৰতা সম্ভৱ। পৰৱৰ্তী সময়ত অন্য বহু দল বিজেপি বিৰোধী মহাগঠবন্ধনলৈ আহিব বুলিও মন্তব্য কৰে ৰিপুন বৰাই।