বিটিআৰৰ সাংবাদিকৰ বাবে বিটিচি নিৰ্বাচনৰ ইস্তাহাৰত সাংবাদিক কল‍্যান পৰিষদ গঠনৰ বিষয়

In ৰাজ্য
Umra Package

চিৰাং

৬ ছেপ্টেম্বৰ

বিটিচি নিৰ্বাচনৰ ইস্তাহাৰত বিটিআৰৰ সাংবাদিকৰ বাবে সাংবাদিক কল‍্যান পৰিষদ গঠনৰ বিষয়। সংবাদমেলত প্ৰকাশ কৰিলে ইউ পি পি এলৰ কেন্দ্ৰীয় সভাপতিপ্ৰমোদ বড়োয়ে।

গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ সাংবাদিক সকলৰ বাবে নিৰ্বাচনী ইস্তাহাৰত বহু আ‍ঁচনিৰ বিষয়ে উল্লেখ কৰিলে ইউ পি পি এল দলে। দেওবাৰে চিৰাং জিলাৰ কাজলগাঁৱত আয়োজি এক সংবাদমেলত ইউ পি পি এল দলৰ কেন্দ্ৰীয় সভাপতি প্ৰমোদ বড়োয়ে ইউ পি পি এল দলৰ বি টি চি পৰিষদীয় নিৰ্বাচনী ইস্তাহাৰ ঘোষণা কৰে। আজিলৈ কোনো ৰাজনৈতিক দলৰ নিৰ্বাচনী ইস্তাহাৰত স্থান লাভ নকৰা এক বিষয়ক এইবাৰ ইউ পি পি এলে দলে অন্তৰ্ভুক্ত কৰিলে নিজৰ নিৰ্বাচনী ইস্তাহাৰত। সাংবাদিক সকলৰ কল‍্যানৰ কেইবাটাও বিষয়বস্তুয়ে এইবাৰ ইউ পি পি এলৰ নিৰ্বাচনী ইস্তাহাৰত স্থান লাভ কৰিলে। নিখিল বড়ো ছাত্ৰ সন্থাৰ সভাপতি হৈ থাকোতে প্ৰমোদ বড়োক বিভিন্ন কামত সহায় সহযোগীতা আগবঢ়োৱা সাংবাদিক সকলক ধন‍্যবাদ জনাই সংবাদমেল আৰম্ভ কৰা প্ৰমোদ বড়োই কয় যে সাংবাদিক সকলৰ সৈতে দীৰ্ঘদিনৰ পৰাই ওতপ্ৰোত ভাৱে জড়িত থাকি সাংবাদিক সকলৰ সামান্য পাৰিশ্ৰমিকৰ বিষয়েও অৱগত বুলি জনায়। সেয়ে এইবাৰ বিটিআৰৰ পৰিষদীয় নিৰ্ব্বাচনত বিটিআৰৰ সকলো সা‌ংবাদিকক সাঙুৰি কিছু নতুন চিন্তা কৰা বুলি উল্লেখ কৰে প্ৰমোদ বড়োয়ে। ইউ পি পি এলৰ কেন্দ্ৰীয় সভাপতি গৰাকীয়ে কয় যে ইউ পি পি এলে বিটিআৰৰ সকলো সাংবাদিকক সাঙুৰি গ্ৰুপ লাইফ ইন্সুৰেঞ্চ খুলিব যত সকলো সাংবাদিকৰ ১ কোটী টকাৰ জীৱন বীমা থাকিব আৰু ইন্সুৰেঞ্চৰ ধন চৰকাৰে বছৰেকীয়াভাৱে আদায় কৰিব। বিটিআৰৰ সকলো সাংবাদিক সাঙুৰি সাংবাদিক কল‍্যান পৰিষদ গঠন কৰিব বুলিও সংবাদমেলত জানিবলৈ দিয়ে প্ৰমোদ বড়োয়ে। সাংবাদিক কল‍্যান পৰিষদৰ বাবে বিটিআৰ চৰকাৰে প্ৰতি বছৰে দহ কোটীৰ বাজেট ধাৰ্য কৰিব আৰু এই টকাৰ পৰা সাংবাদিকৰ পৰিয়ালৰ শিক্ষা, চিকিৎসা লগতে অন‍্যান‍্য মাহিলি খৰচ কৰিব পাৰিব সাংবাদিক সকলে। লগতে প্ৰতি বছৰে দহজন জেষ্ঠ সাংবাদিকক যিকোনো বিভাগৰ ওপৰত গৱেশনাৰ বাবে ইউ পি পি এলে ফেলশ্বিপ হিছাপে ৫০ হেজাৰ টকা প্ৰদান কৰিব। প্ৰতি বছৰে দহ জন সাংবাদিকৰ বিদেশ ভ্ৰমন আৰু ২০ জন সাংবাদিকৰ দেশৰ ভিতৰত ভ্ৰমনৰ সুযোগ প্ৰদান কৰিব বুকিও ইউ পি পি এলৰ নিৰ্বাচনী ইস্তাহাৰত প্ৰকাশ কৰা হৈছে।

বিটিআৰৰ সকলো প্ৰেছ ক্লাবৰ কাৰ্য‍লয়ত ৱাইফাইৰ লগতে অত‍্যাধুনিক সা-সৰঞ্জামৰ সুবিধা প্ৰদান কৰা হ’ব। বিটিআৰৰ প্ৰতিখন জিলা সদৰ আৰু মহকুমা সদৰৰ সাংবাদিক সকলৰ বাবে ২৫ লেচাকৈ ভুমি আৱন্টন দিয়া অথবা চৰকাৰী নিয়ম অনুসৰি মেডিয়া কলনি নিৰ্মাণ কৰা হব বুলিও নিৰ্বাচনী ইস্তাহাৰত উল্লেখ কৰা হৈছে। ইয়াৰোপৰি বিটিআৰ অঞ্চলত এটা মেডিয়া প্ৰতিষ্টান আৰু গৱেশনা কেন্দ্ৰ স্থাপন কৰাৰ চেষ্টা কৰাৰ কথা উল্লেখ কৰে ইউ পি পি এল দলৰ সভাপতি প্ৰমোদ বড়োয়ে।

You may also read!

Royal Enfield : জু ৰোডৰ ৪ এচেছ শ্ব’ৰুমত ৰয়েল এনফিল্ড হিমালয়ান তিনিটা ৰঙৰ মুকলি

গুৱাহাটী : গুৱাহাটীৰ দূৰদৰ্শন কেন্দ্ৰৰ বিপৰীতে থকা ৪ এচেছ এনফিল্ড বিটেইল প্রাইভেট লিমিটেডত তিনিটা নতুন ৰঙৰ ৰয়েল এনফিল্ড (Royal

Read More...

Gate Hospital : গেট হস্পিতালত সাংবাদিকক হেলঠ কাৰ্ড প্ৰদান কাৰ্যসূচীৰ শুভাৰম্ভণি

গুৱাহাটী : গেট হস্পিতালত (Gate Hospital) সাংবাদিকক হেলঠ কাৰ্ড প্ৰদান কাৰ্যসূচীৰ শুভাৰম্ভণি। গঠন কৰা হ'ল "গেট হস্পিতাল জনকল্যান সমিতি"।

Read More...

Two Arrested : ওৰাং আৰক্ষীৰ জালত বৃহৎ পৰিমাণৰ নগদ ধনসহ দুজন

Jatin Nath ওৰাং : ওৰাং আৰক্ষীৰ বৃহৎ সাফল্য। বৃহৎ পৰিমাণৰ নগদ ধনসহ দুজন লোকক গ্ৰেপ্তাৰ ওৰাং আৰক্ষীৰ (Two Arrested)।

Read More...

Mobile Sliding Menu