মানকাচাৰৰ পৰা আব্দুল্লাহ শেখ, সংবাদ ৩৬৫, ২৬ জুলাইঃ ২৪ ঘন্টাই বিদ্যুৎ যোগান ধৰা নে ২৪ ঘন্টাই বিদ্যুৎ অহা-যোৱা কৰা তাক লৈ এতিয়া চিন্তিত ৰাজ্যবাসী। ২৪ ঘন্টাই বিদ্যুৎ যোগান দিবলৈ প্ৰতিশ্ৰুতি দি চৰকাৰ গঠন কৰা বৰ্তমানৰ বিজেপি চৰকাৰখন উন্নয়নৰ নামত ফোপোলা স্বৰূপ। বিদ্যুৎ বিভাগৰ চৰম গাফিলতিত ভুগিছে এইবাৰ মানকাচাৰবাসী। বৃহস্পতিবাৰে মানকাচৰ বিদ্যুৎ বিভাগৰ কাৰ্যালয়ত বিদ্যুৎ মন্ত্ৰী তপন গগৈৰ প্ৰতিমূৰ্ত্তি দাহ কৰি বিশাল গণবিক্ষোভ-গণ আন্দোলনৰে প্লে কাৰ্ড হাতত লৈ বিদ্যুৎ বিভাগ হায় হায়,বিদ্যুৎ মন্ত্ৰী তপন গগৈ হায় হায়, বিজেপি চৰকাৰ হায় হায়, বিদ্যুৎ যোগান নিয়মীয়া কৰক, বিদ্যুৎ যোগানত ময়মতালি বন্ধ কৰক, এচ ডি অ(বিদ্যুৎ বিভাগ) ৰ ময়মতালি বন্ধ কৰক, এচ ডি অ(বিদ্যুৎ বিভাগ) ৰ সত্য ৰনজন দেক বদলি কৰক, ২৪ ঘন্টা বিদ্যুৎ যোগানৰ প্ৰতিশ্ৰুতি পূৰণ কৰক আদি শ্লোগানেৰে আকাশ-বতাহ কপাই তুলি প্ৰতিবাদ সাব্যস্ত কৰে বিদ্যুৎ গ্ৰাহক তথা মানকাচৰবাসী ৰাইজে। সমাজ সেৱক ৰুকুনুৰ জামানৰ নেতৃত্বত শ শ বিদ্যুৎ গ্ৰাহকে বিদ্যুত বিভাগৰ চৰম গাফিলতিৰ সমস্যা সমাধান বিচাৰি এনেদৰে প্ৰতিবাদ সাব্যস্ত কৰি মানকাচৰৰ চাৰ্কোল বিষয়া বিক্ৰমাদিত্য নাথৰ হাতেৰে জিলা উপায়ুক্তৰ জড়িয়তে চৰকাৰক এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে।