নিউজ ডেস্ক, সংবাদ ৩৬৫, ৫ মে’ : পুনৰ বিমান বাতিলক লৈ বৰঝাৰ বিমানবন্দৰত যাত্ৰীৰ মাজত হাহাকাৰ । ৰাজস্থানৰ জয়পুৰ বিমান বাতিলক হাহাকাৰময় পৰিস্থিতি যাত্ৰীসকলোৰ মাজত ।

স্পাইট জেটৰ এছ জি৩৪২ নম্বৰৰ বিমানখন সন্ধিয়া ৬:২০ত জয়পুৰলৈ উৰা মৰা কথা আছিল কিন্তু হঠাৎ বিমানখন বাতিল হোৱাত প্ৰায় ১৯০ যাত্ৰীৰ মাজত সৃষ্টি হৈছে হাহাকাৰ । ৰোগীয়া যাত্ৰী পৰিছে বিপদত ।

উল্লেখ্য যে অহাকালি ৰাজস্থানত অনুস্থিত হ’ব লোকসভা নিৰ্বাচন । আৰু লোকসভা নিৰ্বাচনত নিজৰ মৌলিক অধিকাৰ সাব্যস্ত কৰি ভোট দিবলৈ যোৱাৰ কথা বহু যাত্ৰীৰ । আনকি স্পাইট জেট কৰ্তৃপক্ষই যাত্ৰী সকলৰ বাবে কোনো ব্যৱস্থা নোলোৱাৰ অভিযোগো উঠিছে।