বিলাসীপাৰা, সংবাদ ৩৬৫, ১৪অক্টোবৰ: জন্ম হৈয়ে পৃথিৱীত মাকৰ কোচত মুৰ থৈ অকাল অন্ধত্বক আঁকোৱালি লৈছে বিলাসীপাৰাৰ এটি দেৱ শিশুয়ে। বিলাসীপাৰা আৰু কোকৰাঝাৰ সীমান্তৱৰ্তী সানদালৰটাৰী গাঁওৰ বাসিন্দা মজিৰ উদ্দিন শ্বেখ তথা আফৰুজা বেগমৰ একমাত্ৰ ডেৰ বছৰীয়া সন্তান আবু ৰাইহান বাসাৰে বিগত তিনি মাহ পূৰ্বে আক্ৰান্ত হৈছিল সৰু আই ৰোগত। পৰৱৰ্তী সময়ত এয়াই যেন কাল হৈ পৰে শিশুটিৰ বাবে। সৰু আইত আক্ৰান্ত শিশুটিৰ দুয়োটা চকু অন্ধ হয়। ইয়াৰ পিছত অতি দৰিদ্ৰ পৰিয়ালটিয়ে নিজৰ বুলিবলৈ সকলো বিক্ৰী কৰি দেৱ শিশুটিক বিভিন্ন স্থানত চিকিৎসা কৰি সৰ্বশান্ত হৈ পৰে। শেহতীয়াকৈ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পাতালৰ ফালৰ পৰা শিশুটিক বহি:ৰাজ্যলৈ নি চিকিৎসা কৰিলে আৰোগ্য হোৱাৰ সম্ভাৱনা অধিক বুলি কয়। কিন্তু পৃথিৱীখনক পুনৰ চাবলৈ অস্থিৰ হৈ পৰা আৰু থুনাক থানাক কৈ মাতবোল কৰিবলৈ লোৱা দেৱ শিশুটোৰ চিকিৎসা প্ৰদানত অপাৰক হৈ পৰিছে দূৰ্ভগীয়া পৰিয়ালটোৱে। সেয়ে ৰাজ্যবাসীৰ ওচৰত শিশুটিক চিকিৎসা কৰাৰ বাবে সহায় ভিক্ষা খুজিছে পৰিয়ালটিয়ে । কোনো সদাশয় ব্যক্তিয়ে শিশুটিক পুনৰ পৃথিৱীখন চোৱাৰ বাবে সহায় ভিক্ষা আগবঢ়াব খুজিলে এছ বি আই শপতগ্ৰাম শাখাৰ একাউন্ট নং- ৩৩৩৯২৪৫৬৩৩৬/আই এফ চি কোড- এছ বি আই এন০০১৩০৯০ ত সহায় ভিক্ষা আগবঢ়াব পাৰে। অথবা ৯৯৫৭০২৯২৫৫ মোবাইল নম্বৰত যোগাযোগ কৰিব পাৰে। হয়তো আপোনাৰ আৰ্থিক সাহাৰ্য্য দেৱ শিশুটিৰ পুনৰ এইখন মায়াময় পৃথিৱীৰ পোহৰ চোৱাত সহায়ক হ’ব পাৰে।