জগুনৰ পৰা দ্বীপেন লহকৰ, সংবাদ৩৬৫, ১৪অক্টোবৰ: তিনিচুকীয়া জিলাৰ ডিগবৈ বন সংমণ্ডলৰ জাগুন আঞ্চলিক বন বিভাগৰ কাৰ্যালয়ৰ অধীনৰ কথাচেমা গাঁৱত শনিবাৰে নিশা বিদ্যুত্‍স্পৃষ্ট হৈ এটা বন্যহস্তীৰ মৃত্যু হয়৷ নিশা বনৰীয়া হাতীটোৱে কথাচেমা বনাঞ্চলৰ পৰা খাদ্যৰ সন্ধানত ওলাই আহোতে বিদ্যুত্‍স্পৃষ্ট হৈ প্ৰকাণ্ড হাতীটোৰ মৃত্যু হোৱাৰ সন্দেহ কৰিছে স্থানীয় গাওঁবাসীয়ে৷ দেওবাৰে পুৱা স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰে মৃত হাতীটো৷ ইয়াৰ পাছতে জাগুন বন বিভাগক খবৰ দিয়াত ঘটনাস্থলীত বন বিভাগৰ লোক উপস্থিত হৈ প্ৰাথমিক তদন্ত আৰম্ভ কৰিছে৷ অৱশ্য বৰ্তমানলৈকে জানিব পৰা নাই হাতীটোৰ মৃত্যুৰ প্ৰকৃত কাৰণ৷ জাগুন সংৰক্ষিত বনাঞ্চল সমূহত অবাধ বনাঞ্চল ধ্বংসৰ বাবে খাদ্যৰ সন্ধানত জনাঞ্চললৈ অহা বন্যহস্তীৰ প্ৰায়ে বিভিন্ন কাৰণত মৃত্যু হোৱাৰ লগতে বন্যহস্তীৰ আক্ৰমণত মানুহৰ জীৱন সম্পত্তি নষ্ট হৈ আহিছে৷ এইক্ষেত্ৰত বনবিভাগে নিজৰ দায়িত্ব সুস্থ ভাৱে সম্পাদন নকৰাৰ বাবে এনে দূৰ্ভাগ্যজনক ঘটনা সংঘটিত হৈ আহিছে বুলি স্থানীয় প্ৰকৃতি প্ৰেমী সকলে গুৰুত্বৰ অভিযোগ উত্থাপন কৰিছে৷