মৰাণৰ পৰা পলাশ কাকতি, সংবাদ ৩৬৫, ২২ জুনঃ বিষাক্ত কাঠফুলা ভক্ষন কৰি মৰাণৰ তিনিটাকৈ পৰিয়ালৰ মুঠ ১৩ জন লোক গুৰুত্বৰভাৱে আক্ৰান্ত হৈছে। আক্ৰান্ত সকলৰ ভিতৰত ৬ গৰাকী মহিলাসহ ২ টাকৈ শিশু আছে বুলি জানিব পৰা গৈছে। মৰাণৰ টিখৰাই চাহ বাগিচাৰ এটা পৰিয়াল আৰু মৰাণৰ সমীপৰ পথালিবামৰ পানীতোলা গাঁৱৰ দুটা পৰিয়ালৰ লোকে বিষাক্ত কাঠফুলা ভক্ষণ কৰাত তিনিওটা পৰিয়ালৰ লোক সকল গুৰুত্বৰভাৱে অসুস্থ হৈ চিকিৎসাধীন হৈ আছে। মৰাণৰ টিখৰাই চাহ বাগিচাৰ আক্ৰান্ত সকল হৈছে টেম্পো পাহাৰীয়া, ফাগুনী পাহাৰীয়া, ধনীৰাম পাহাৰীয়া, বহাগী পাহাৰীয়া আৰু জোনমণি পাহাৰীয়া। আনহাতে পথালিবাম পানীতোলা গাঁৱৰ আক্রান্ত সকল হৈছে গণেশ টুডু, বিপুল টুডু, দেবৰু টুডু, ৰমেশ টুডু, ৰূপালী টুডু, সুমন টুডু আৰু সানিকা বৰুৱা। অচিন বনৰীয়া কাঠফুলা খাই তীব্ৰ মূৰৰ বিষ, বমি আৰু শৌচ হোৱাত আক্ৰান্ত সকলক ১০৮ জৰুৰীকালীন সেৱাৰ যোগেদি বৃহস্পতিবাৰে নিশা আৰু শুক্ৰবাৰে পুৱা তিলৈ ফাষ্ট ৰেফাৰেল হাস্পাতাললৈ প্ৰেৰণ কৰা হয়। আক্ৰান্ত সকলৰ ভিতৰত কেইবাজনৰো অৱস্থা সংকটজনক হোৱাত তেওঁলোকক অসম চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হৈছে।