তেজপুৰ, সংবাদ ৩৬৫, ২২ জুনঃ বিহাৰৰ কাটিহাৰত অসমৰ শোণিতপুৰ জিলাৰ কিশোৰ-কিশোৰী উদ্ধাৰ হৈছে। কাটিহাৰ ৰে’ল ষ্টেচনত শোণিতপুৰৰ কিশোৰ-কিশোৰী হালক সন্দেহজনক অৱস্থাত প্ৰত্যক্ষ কৰি ৰে’ল আৰক্ষীয়ে আটক কৰে। শোণিতপুৰ জিলাৰ তেজপুৰৰ বেছেৰীয়াৰ ১৪ বছৰীয়া কিশোৰী এগৰাকী গহপুৰৰ ৰঙাজনৰ ১৭ বছৰীয়া প্ৰেমিকাৰ লগত অসমৰ পৰা পলায়ন কৰিছিল আৰু কাটিহাৰ ৰে’ল আৰক্ষীৰ খবৰৰ ভিত্তিত কিশোৰী গৰাকীৰ মাতৃয়ে তেজপুৰ আৰক্ষী চকীত এজাহাৰ দাখিল কৰাৰ পিছত তেজপুৰ আৰক্ষীয়ে কিশোৰ-কিশোৰী হালক কাটি হাৰৰ পৰা উদ্ধাৰ কৰে।