যতীন নাথ

মাজবাট 

১৭ আগষ্ট

দুৰ্নীতিৰ পৰা পৰিত্ৰাণ বিচাৰি বি পি এফৰ কৰ্মী সকল লগতে বি টি চি বাসী ৰাইজে এতিয়া হিল-দল ভাঙি ইউ পি পি এলত যোগদান কৰিছে। ওদালগুৰি জিলাৰ ৩৯ নং পাঁচনৈ চেৰফাং সমষ্টিৰ ওৰাং সাপ্তাহিক বজাৰ গৃহত সোমবাৰে ইউ পি পি এল দলৰ এক যোগদান অনুষ্ঠানত ওৰাং আৰু মাজবাট অঞ্চলৰ প্ৰায় তিনি শতাধিক বি পি এফ আৰু কংগ্ৰেছৰ লগতে কেইবাটাও জাতীয় সংগঠনৰ প্ৰাক্তন নেতা- কৰ্মীয়ে ইউ পি পি এল দলত যোগদান কৰে।

যোগদান অনুষ্ঠানত উপস্থিত থাকি ইউ পি পি এল দলৰ কেন্দ্ৰীয় সভাপতি প্ৰমোদ বড়োয়ে কয় যে বি টি চিত বি পি এফ দলৰ সোতৰ বছৰীয়া শাসন কালত অবাধ দুৰ্নীতি সংঘটিত হৈছে। বি পি এফৰ দুৰ্নীতিৰ বাবেই বি টি চিৰ সাধাৰণ ৰাইজে একো সুবিধা ভোগ কৰিব নাপালে। বি পি এফ চৰকাৰৰ ই এম, জি এম সকলে অবাধ দুৰ্নীতি কৰি কেৱল বিদেশ ভ্ৰমণত ব্যস্ত থাকিল। ৰাইজৰ সেৱা কৰিবলৈ সময়ে নাপালে। সেইবাবে বি পি এফৰ একাংশ সৎ আৰু নিষ্ঠাবান কৰ্মী আজি অসন্তুষ্ট হৈ বি পি এফ দল ত্যাগ কৰি আমাৰ দলত যোগদান কৰিছে। আমাৰ চৰকাৰ অহাৰ লগে লগে এই সমগ্ৰ দুৰ্নীতিৰ তদন্ত কৰা হ’ব। ইতিমধ্যে ৰাজ্যপাল মহোদয়ক আমাৰ দলৰ ফালৰ পৰা এই দুৰ্নীতিৰ সম্পৰ্কত সবিশেষ জনোৱা হৈছে। সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত প্ৰমোদ বড়োয়ে আৰু কয় যে বি টি চিত আমাৰ চৰকাৰ আহিলে আমি প্ৰথমে বি টি আৰ চুক্তিখন ৰূপায়ণ কৰাৰ বাবে প্ৰচেষ্টা হাতত ল’ম লগতে বি টি চি বাসীক এখন দুৰ্নীতিমুক্ত চৰকাৰ উপহাৰ দি সম-অধিকাৰ আৰু সম-উন্নয়ন দিয়াৰ প্ৰচেষ্টা কৰা হ’ব বুলিও কয় প্ৰমোদ বড়োয়ে।

যোগদান অনুষ্ঠানত প্ৰায় তিনি শতাধিক বি পি এফ, কংগ্ৰেছ আৰু কেইবাটাও জাতীয় সংগঠনৰ প্ৰাক্তন নেতা- কৰ্মীয়ে ইউ পি পি এল দলত যোগদান কৰে। যোগদান অনুষ্ঠানত প্ৰমোদ বড়োক সংগ দিয়ে ৩৯ নং পাঁচনৈ চেৰফাং সমষ্টিৰ ইউ পি পি এল দলৰ প্ৰাৰ্থী দীপক বৰালে।