নলবাৰী, সংবাদ ৩৬৫, ২৭ মে’ : নলবাৰীত বুঢ়াদিয়া নদীয়ে চিঙিলে পুখৰাৰ মাথাউৰি। বৃহস্পতিবাৰে পুৱাৰ ভাগত বুঢ়াদিয়া নদীৰ বাঢ়নী পানীয়ে পুখৰা গাঁৱৰ মাজত মাথাউৰি উটুৱাই নিয়াত পুখৰা শোলমাৰা, দাহুদিকে ধৰি ৪০ খনতকৈও অধিক গাঁও বানত ডুব গৈছে।

যোৱা কিছুদিন ধৰি হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত ৰাজ্যত বছৰৰ প্ৰথটো বানে ভয়াবহ ৰূপ ধৰণৰ কৰিছে। ইতিমধ্যে বাঢ়নী পানীয়ে ৰাজ্যৰ ৭ খনকৈ জিলা প্লাবিত কৰিছে। ইয়াৰ মাজতে বৃহস্পতিবাৰে নলবাৰী জিলাত বুঢ়াদিয়া নদীয়ে পুখৰা গাঁৱৰ মাজৰ মাথাউৰি চিঙি পেলোৱাৰ ফলত ৪০ খনৰো অধিক গাঁও বানত ডুব গৈছে৷ বুঢ়াদিয়া নদীৰ পানীত তলত কেইবা হেক্টৰ কৃষিভূমি ডুব যোৱাত বিনষ্ট হৈছে পথাৰৰ শস্য। কৰ’ণা ভাইৰাছৰ সংহাৰৰ মাজতে ৰাজ্যত অব্যাহত থকা ধাৰাষাৰ বৰষুণৰ ফলত সৃষ্টি হোৱা বানপানীয়ে পৰিস্থিতি অধিক জটিল কৰি তুলিছে। কেবাদিন ধৰি নেৰানেপৰা বৰষুণৰ ফলত নলবাৰী জিলাৰ বিভিন্ন অঞ্চল প্লাবিত হোৱাৰ লগতে পশ্চিম নলবাৰী ৰজাহচক্ৰৰ অন্তৰ্গত পুখৰা গাঁৱৰ মাজত বুঢ়াদীয়া নদীয়ে মাথাউৰি চিঙি পেলোৱাৰ ফলত সমগ্ৰ অঞ্চলৰ বাট-পথ, ঘৰ দুৱাৰ, খেতিপথাৰ সকলো পানীৰ তলত ডুব গৈছে।

উল্লেখ্য যে, অঞ্চলটোৰ পৰা সোণোৱাল চৰকাৰৰ প্ৰভাৱশালী মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰী থকাৰ পিছতো মন্ত্ৰী গৰাকীয়ে বানপানী ৰোধৰ ক্ষেত্ৰত আগতীয়া কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ নকৰাত ৰাইজে ক্ষোভিত হৈ উঠিছে।