আমিনুৰ ৰহমানৰ সৈতে খলিলুৰ ৰহমান হাজৰিকা

শিৱসাগৰ

২৭ আগষ্ট

সদৌ অসম বেতন বঞ্চিত কৰ্মৰত প্ৰাথমিক শিক্ষক সন্থাৰ উদ্যোগত শিৱসাগৰত মুখ্যমন্ত্ৰী আৰু বিত্ত মন্ত্ৰীৰ সুমতি বিচাৰি সৰ্বধৰ্মীয় প্ৰাৰ্থনা আৰু নাম প্ৰসংগ।প্ৰশাসনে ফেষ্টুন আঁৰি বেআইনী ঘোষণা কৰিলে বেতন বঞ্চিত শিক্ষকৰ প্ৰতিবাদ।

শিৱসাগৰত বেতন বঞ্চিত শিক্ষক সকলে জিলা উপায়ুক্ত কার্যলয়ৰ সন্মুখত এক ব্যতিক্ৰমী ৰূপত প্ৰতিবাদ সাব্যস্ত কৰে। শিৱসাগৰ জিলাৰ ১৫৩০ গৰাকী শিক্ষক শিক্ষয়িত্ৰীয়ে ২০১২ চনৰ মাহেকীয়া বেতনৰ পৰা বঞ্চিত হৈ থকাত পূৰ্বৰ কংগ্ৰেছ চৰকাৰৰ দিনতো শিক্ষক সমাজে অনুৰূপ কাৰ্যসূচীৰে শিৱসাগৰ শিৱ দৌলত প্ৰতিবাদ সাব্যস্ত কৰিছিল যদিও কংগ্ৰেছ দিনত কোনো ধৰণৰ সুফল নাপালে বেতন বঞ্চিত শিক্ষক শিক্ষয়িত্ৰী সকলে।কংগ্ৰেছৰ প্ৰতাৰনাৰ বিপৰীতে যোৱা ২০১৬ চনৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে ভাৰতীয় জনতা পাৰ্টীয়ে চৰকাৰ গঠন কৰিবলৈ সক্ষম হ’লে শিক্ষক সমাজৰ এই সমস্যাৰ সমাধানৰ আশ্বাস প্ৰদান কৰিছিল। ভাৰতীয় জনতা পাৰ্টীয়ে ২০১৬ ত চৰকাৰ গঠন কৰিলে আৰু এতিয়া ২০২১ ৰ বিধানসভা নিৰ্বাচন সমাগত যদিও ভাৰতীয় জনতা পাৰ্টীয়ে বেতন বঞ্চিত শিক্ষক শিক্ষয়িত্ৰী সকলক প্ৰদান কৰা আশ্বাস আৰু প্ৰতিশ্ৰুতি আজিলৈকে পূৰণ নকৰিলে। কংগ্ৰেছৰ লগতে ভাৰতীয় জনতা পাৰ্টীয়েও বেতন বঞ্চিত শিক্ষক শিক্ষয়িত্ৰী সকলক বঞ্চনা কৰাত পুনৰ আন্দোলনমুখী হৈছে বেতন বঞ্চিত শিক্ষক সমাজ।

বিগত সময়ত সীমাহীন আৰ্থিক সমস্যাত আক্রান্ত হোৱা বহু সংখ্যক শিক্ষকে বেতন অবিহনে অৱসৰ লোৱাৰ লগতে বহুজন চিকিৎসাৰ অভাৱত মৃত্যুক আঁকোৱালি ল’ব লগা হৈছে।পানীত হাঁহ নচৰা অৱস্থা হৈছে পৰা বেতন বঞ্চিত শিক্ষক শিক্ষয়িত্ৰী সকলে প্ৰাৰ্থনা আৰু নাম প্ৰসংগ কাৰ্যসূচীৰ জৰিয়তে শিক্ষক সমাজৰ বেতন সংক্ৰান্তীয় দীৰ্ঘদিনীয়া সমস্যা সমাধানৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰে। জিলা প্ৰশাসনে ১৪৪ ধাৰা অমান্য কৰাৰ ভিত্তিত বেআইনী ফেষ্টুন আৰি প্ৰতিবাদক নিষিদ্ধ ঘোষণা কৰি আটক কৰিবলৈ চেষ্টা কৰে প্ৰতিবাদী শিক্ষক শিক্ষয়িত্ৰী সকলক।