বকো, সংবাদ ৩৬৫, ২ অক্টোবৰ: দক্ষিণ কামৰূপৰ বকো সমষ্টিৰ অন্তৰ্গত সোণতলী মৌজাৰ বৰদিয়া নয়াপাৰা, কুচিয়াৰ দিয়া, পানীখাইতি, আৰিকাটি, ৰৌমাৰী আদি অঞ্চলত অহৰ্নিশে অব্যাহত ব্ৰহ্মপুত্ৰ নৈৰ গৰাখহনীয়া। উল্লেখযোগ্য যে বিগত কুৰি বছৰে বৰলুইতৰ খহনীয়া অব্যাহত থকাৰ ফলত ব্ৰহ্মপুত্ৰৰ বুকুত জাহ গৈছে প্ৰায় ত্ৰিছখন ৰাজহ গাও। লগতে জাহ গৈছে পানীখাইতি নৈপৰী চৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ, লটৰীয়াদিয়া প্ৰাথমিক বিদ্যালয়, পানীখাইতি প্ৰাথমিক বিদ্যালয়, কান্ধাৰপাৰ প্ৰাথমিক বিদ্যালয়, বিলপাৰা প্ৰাথমিক বিদ্যালয়, পানীখাইতি মধ্য ইংৰাজী বিদ্যালয় আদিকে ধৰি কুৰিৰো অধিক চৰকাৰী-বেচৰকাৰী অনুষ্ঠান প্ৰতিষ্ঠান। তথাপিও কোনো কান সাৰ নাই জিলা প্ৰশাসনৰ। বিগত পোন্ধৰ দিনে অব্যাহত আছে তীব্ৰ গতিত বৰলুইতৰ প্ৰৱল গৰাখহনীয়া। এই গৰাখহনীয়াৰ ফলত অৰ্ধশতাধিক পৰিয়ালৰ ঘৰ-দুৱাৰ,সা-সম্পতি, কৃষিভুমি ব্ৰহ্মপুত্ৰৰ বুকুত চিৰ দিনৰ বাবে হেৰুৱাবলীয়া হৈছে ৷প্ৰায় ২০টাকৈ পৰিয়ালে গৃহহীন হোৱাৰ লগতে স্থানান্তৰ কৰিবলগীয়া হৈছে ডেৰকুৰি পৰিয়ালৰ বাসস্থান। এতিয়া অঞ্চলটোৰ ৰাইজৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। এসময়ত ধান-চাউলেৰে ভৰা সংসাৰৰ মালিকে সম্প্ৰতি দিন হাজিৰা কৰি পোহপাল দিবলগীয়া হৈছে নিজৰ পৰিয়ালক ৷কোনোবাজনে আকৌ ব্ৰহ্মপুত্ৰৰ বুকুত ঘৰ-দুৱাৰ, সম্পত্তি আদি হেৰুৱাই খুজি মাগি পেটৰ ভোক নিবাৰণ কৰিবলগীয়া হৈছে। খহনীয়াগ্ৰস্ত পৰিয়ালে আশ্ৰয়ৰ বাবে ঢাপলি মেলিবলগীয়া হৈছে মথাউৰিৰ কাষ, নতুন কোনোবা চৰ অথবা আত্মীয়ৰ ঘৰলৈ ৷ব্ৰহ্মপুত্ৰৰ তীব্ৰ খহনীয়াই ভাবুকিৰ সৃষ্টি কৰিছে সোণতলীৰ ঐতিহাসিক মাহতলী বজাৰলৈ। ৰাইজক দেখুৱাবলৈ পানীখাইটিত সামান্য পৰিমানৰ জিঅ বেগৰ কাম কৰাৰ লগতে দুটা পাৰ্কুপাইন পেলাই দায় সামৰিছে জাতি, মাটি, ভেটি ৰক্ষাৰ ডাক-ঢোল বজোৱা পৰিৱৰ্তনকামী চৰকাৰৰ জলসম্পদ বিভাগে। খহনীয়াগ্ৰস্ত ৰাইজৰ বুজ ল’বলৈ আহৰি নাই স্থানীয় বিধায়িকা নন্দিতা দাসৰ ৷অতিশীঘ্ৰে বিভাগীয় কৰ্তৃপক্ষই খহনীয়াগ্ৰস্ত অঞ্চল সমূহ পৰিদৰ্শন কৰি খহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা কৰাৰ বাবে অনুৰোধ জনাইছে অঞ্চলবাসী ৰাইজে ৷