মীৰ জিয়াউৰ ৰহমান
গোসাইগাঁও
৬ ডিচেম্বৰঃ

বিটিচি নিৰ্বাচনৰ আহিলা লৈ ৰাজ্যৰ বিত্ত,শিক্ষা আৰু স্বাস্থ্য বিভাগৰ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিটিচি অঞ্চলত সাম্প্ৰদায়িকতাৰ বিষবাষ্প বিয়পাবৰ চেষ্টা কৰি থকাৰ লগতে বড়ো জাতিক ধ্বংস কৰাৰ কূটিল ষড়যন্ত্ৰ কৰি আছে।বিটিচি নিৰ্বাচনত বিজেপি দলে নিৰ্বাচনী আয়োগ, আৰক্ষী প্ৰশাসনক ব্যৱহাৰ কৰি আছে।ভোট গ্ৰহণৰ সময় ৰিগিং কৰাৰো কু-অভিসন্ধি কৰিছে যদিও মই জীয়াই থকা লৈকে হিমন্ত বিশ্ব শৰ্মাৰ এই চক্ৰান্ত আৰু ষড়যন্ত্ৰ কেতিয়াও সফল নহয়। কিয়নো সকলো শ্ৰেণীৰ ৰাইজ বিপিএফৰ লগত আছে। সকলো জাতি জনগোষ্ঠীৰ সমৰ্থন লৈ আমি বিটিচি গঠন কৰিছো আৰু বিগত ১৫ বছৰে বিটিচিৰ সৰ্বাংগীন উন্নয়ন কৰিছো যদিও এতিয়াও বহুতো কৰিবলগীয়া আছে। বিজেপি আৰু মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক পুনৰ আক্ৰমণ বিপিএফ দলৰ সভাপতি হাগ্ৰামা মহিলাৰীৰ।

হাগ্ৰামা মহিলাৰীয়ে দেওবাৰে নিজৰ সমষ্টি কচুগাঁৱৰ চৌতাৰাত অনুষ্ঠিত বিশাল জনসভাত ৰাজ্যৰ প্ৰভাৱশালী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক তীব্ৰ সমালোচনা কৰি কয় যে হিমন্ত বিশ্ব শৰ্মাক বিটিচি নিৰ্বাচনৰ পাছত মন্ত্ৰীসভাৰ পৰা বিতাড়িত কৰাৰ বাবে মই নিজে মুখ্যমন্ত্ৰীক অনুৰোধ জনাম। হিমন্ত বিশ্ব শৰ্মাৰ লগত মোৰ কোনত সম্পৰ্ক নাই। হিমন্ত বিশ্ব শৰ্মাই বিটিচিত অশান্তিৰ সৃষ্টি কৰাৰ বাবে তলে তলে ইউপিপিএলৰ ল’গ লাগি বেপাৰী প্ৰমোদ বড়োক ব্যৱহাৰ কৰি বিটিচি দখলৰ সপোণ দেখিছে যদিও বিটিচিৰ শান্তিকামী ৰাইজ বিজেপিৰ এই ষড়যন্ত্ৰ ইতিমধ্যে ধৰা পেলাইছে। হিমন্ত বিশ্ব শৰ্মা আৰু ৰঞ্জিত দাসে মোক যিদৰে ব্যক্তিগত আক্ৰমণ কৰি তুচ্ছ তাচ্ছিল্য কৰি আছে সেয়া বড়ো জাতিৰ সংস্কৃতিবিৰোধী।তেওঁলোক সভ্যতাৰ সীমা চেৰাই মোৰ বিৰুদ্ধে যিমানে অপপ্ৰচাৰ কৰিব ৰাইজে সিমানে মোৰ পক্ষত থিয় দিব। বিজেপিৰ এই লেতেৰা ৰাজনীতিৰ সংগী হোৱা ইউপিপিএল দলকো গিলি খাব বিজেপিৰ মধুফুটা নেতা হিমন্ত বিশ্ব শৰ্মাই। তদুপৰি হিমন্ত বিশ্ব শৰ্মাৰ কূটিল ষড়যন্ত্ৰত পূৰ্বে কংগ্ৰেছ দল যেনেকৈ ক্ষতিগ্ৰস্ত হৈছে তেনেকৈ বিজেপি দলো ধ্বংস হ’ব। বিটিচিৰ নিৰ্বাচনৰ প্ৰচাৰত আহি ৰঞ্জিত দাস আৰু হিমন্ত বিশ্ব শৰ্মাক তীব্ৰ সমালোচনাৰে থকাসৰকা কৰি হাগ্ৰামা মহিলৰীয়ে আৰু কয় যে হিমন্ত বিশ্ব শৰ্মাৰ নিচিনা হেজাৰটা নেতা আহি বিটিচিত অপপ্ৰচাৰ চলালেও বিপিএফ দলে চৰকাৰ গঠন কৰাটো নিশ্চিত। বিজেপি দলে বিটিচিত এটাও আসনত জয় লাভ কৰিব নোৱাৰে বুলিও হাগ্ৰামা মহিলাৰীয়ে আত্মবিশ্বাসেৰে পুনৰ কয় যে বিটিচি নিৰ্বাচনৰ পাছত দুই মাহৰ ভিতৰতে মাটিৰ পট্টা প্ৰদান কৰা হ’ব বুলি প্ৰতিশ্ৰুতি দি সকলো জাতি জনগোষ্ঠীৰ সমঅধিকাৰ আৰু সমউন্নয়নৰ বাবে বিপিএফ দল দায়বদ্ধ। বিটিচিৰ ৰাইজৰ বিশ্বাস আৰু আস্থা মোৰ লগত আছে।

এশটা হিমন্ত বিশ্ব শৰ্মা আহিলেও বিটিচিত ৰাইজক বিপথে পৰিচালিত কৰিব নোৱাৰিব বুলিও মন্তব্য প্ৰকাশ কৰে হাগ্ৰামা মহিলাৰীয়ে। পাঁচ সহস্ৰাধিক ৰাইজৰ উপস্থিতিত হাগ্ৰামা মহিলাৰীয়ে কচুগাঁও সমষ্টিৰ ৰাইজৰ আশীৰ্বাদ বিচাৰি ভাষণ আগবঢ়ায়। উক্ত সভাত বিপিএফ দলৰ বহুতো নেতা-নেত্ৰীৰ লগতে উপস্থিত থাকে বিপিএফ দলৰ বহু কর্মী।