ধিং

৬ ডিচেম্বৰ

নগাঁও আৰক্ষীৰ সৰ্ববৃহৎ ড্ৰাগছ বিৰোধী অভিযান। ড্ৰাগছ বিৰোধী সৰ্ববৃহৎ সফল অভিযান চলাই নগাঁও আৰক্ষীয়ে জব্দ কৰিলে আঠ কোটি টকাৰ ড্ৰাগছসহ নগদ আঠ লাখ টকা। ধিংৰ সোনাৰী গাঁৱত আৰক্ষীয়ে চলোৱা ড্ৰাগছ বিৰোধী অভিযানত আটক তিনিজনকৈ ড্ৰাগছ সৰবৰাহকাৰী চক্ৰৰ সদস্য।

নগাঁও জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক এল মোহন মিনাৰ নেতৃত্বত নগাঁও আৰক্ষীয়ে ধিংৰ সোনাৰী গাঁৱৰ হাবিল আলী নামৰ এজন লোকৰ ঘৰত ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলাই বৃহৎ পৰিমাণৰ ড্ৰাগছৰ লগতে জব্দ কৰে অন্যান্য বহু নিচাজাতীয় সামগ্ৰী। আৰক্ষীয়ে অভিযানত হাবিল আলীৰ ঘৰৰ পৰা ২ কিলোগ্ৰাম হিৰ’ইন, ৯.৭ গ্ৰামৰ আফিংৰ লগতে ১ কুইন্টল গাঞ্জা জব্দ কৰে৷ জব্দ কৰা নিচাজাতীয়
সমগ্রীখিনিৰ মূল্য প্ৰায় ৮ কোটি টকা হ’ব বুলি নগাঁও আৰক্ষীয়ে জনাবলৈ দিয়ে৷ উল্লেখ্য যে, এক গোপন সুত্ৰৰ পম খেদি নগাঁও আৰক্ষীয়ে বিগত কেইবাদিন ধৰি এটা বৃহৎ ড্ৰাগছ সৰবৰাহকাৰী চক্ৰৰ ওপৰত চোকা দৃষ্টি ৰাখিছিল আৰু তাৰেই ফলশ্ৰুতিত আৰক্ষীয়ে ড্ৰাগছৰ এই বৃহৎ ঘাটি উৎখাত কৰিবলৈ সক্ষম হয়৷ নগাঁও আৰক্ষীৰ এই ড্ৰাগছ বিৰোধী অভিযানত মূল অভিযুক্ত হাবিল আলীৰ লগতে মফিদুল হক আৰু বাহাদুল আলম নামৰ অন্য দুজনজন লোককো আৰক্ষীয়ে আটক কৰাৰ লগতে হাবিল আলীৰ ঘৰৰ পৰা নগদ আঠ লাখ টকা আৰু দুখন বিলাসী বাহনো জব্দ কৰে৷

পূৰ্বেও এই ড্ৰাগছ সৰবৰাহকাৰী চক্ৰটো আৰক্ষীৰ জালত পৰিছিল বুলি জানিব পৰা গৈছে৷ অঞ্চলটোৰ স্থানীয় ৰাইজে ড্ৰাগছৰ বিৰুদ্ধে বিভিন্ন সময়ত প্ৰতিবাদ সাব্যস্ত কৰি আহিছিল যদিও ধিং আৰক্ষীৰ নাকৰ তলতে চলি থকা এই বৃহৎ ড্ৰাগছৰ বেহা ধিং আৰক্ষীৰ চকুত কিয় নপৰিল সেইয়া এক ডাঙৰ প্ৰশ্ন। অৱশেষত নগাঁও আৰক্ষীৰ ড্ৰাগছ বিৰোধী এই বৃহৎ সাফল্যক প্ৰশংসা কৰিছে ধিংবাসী ৰাইজে৷