কলগাছিয়া, সংবাদ ৩৬৫, ২৫ ছেপ্টেম্বৰ: বৰপেটাৰ কলগাছিয়া ৰাজ্যিক পশু চিকিৎসালয়ত অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হোৱা পৰিলক্ষিত হয়। চিকিৎসাৰ নামত ভেঁকুভাওনাৰ পৰিবেশ সৃষ্টি হোৱা দেখা গৈছে। চৰকাৰী সা-সুবিধাৰ পৰা বঞ্চিত হৈ আছে স্থানীয় ৰাইজ। চৰকাৰী চিকিৎসালয়ত ৫০ টকীয়া আই এ ইঞ্জেকচন ১০০/১৫০ টকাকৈ লয়। চাৰি মাহ আগত দুমহীয়া অন্তঃসত্তা থকা গাই গৰু এজনী লাংলা সপ্তাহিক বজাৰৰ পৰা ৫১,০০০ টকাৰে ক্ৰয় কৰে কলগাছিয়াৰ আইন উদ্দীন নামৰ ব্যক্তি এজনে। কিছুদিনৰ পৰা গাই গৰু জনী একো নোখোৱাত আইন উদ্দীনে চিকিৎসালয়লৈ লৈ আহে আৰু চিকিৎসক ছাহজাহান আলীয়ে পৰীক্ষা নিৰীক্ষা নকৰাকৈ অন্তঃসত্তা গাই গৰুক আকৌ গৰ্ভৱতী হবলৈ আই এ ইঞ্জেকচন দিব দিয়ে। গৰ্ভৱতী গাই গৰুৰ প্ৰেছক্ৰিপশ্যনত উল্লেখ নাই প্ৰেগ্নেঞ্চি টেষ্ট বা আন আন পৰীক্ষা। চিকিৎসালয়ৰ কোম্পাউণ্ডৰ মন্তব্যত অতি স্পষ্ট ভাবে চিকিৎসকৰ অৱহেলা আৰু ভুল চিকিৎসাৰ ফলত গৰ্ভত থকা চাৰি মহীয়া মৃত্যু পোৱালী ওলায়। স্থানীয় ৰাইজে চিকিৎসকক সোধ পোছ কৰাত ভুল চিকিৎসাৰ ফলত পোৱালিৰ মৃত্যু হোৱা বুলি প্ৰকাশ কৰে চিকিৎসক ছাহজাহান আলীয়ে । স্বত্বাধিকাৰীয়ে চিকিৎসকৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিব বুলিও জনায়।