আব্দুল হক

নগৰবেৰা

২২ অক্টোবৰ

বৰপেটা জিলাৰ চেঙা ৰাজহ চক্ৰৰ কাছুমাৰা আধাৰ কাৰ্ড চেণ্টাৰত ব্যাপক দূৰ্ণীতি। কাছুমাৰা পৰিদৰ্শন বঙলা আধাৰ কাৰ্ড চেণ্টাৰত নিজৰ খেয়াল খুচি মতে কাম চলাইছে ৰেজাউল হকে৷ নিবিদা যোগে আধাৰ কাৰ্ড চেণ্টাৰ লাভ কৰা ৰেজাউলে নিযুক্তি দিছিল দুজনকৈ ডাটা এণ্ট্ৰি অপাৰেটৰ৷

প্ৰকৃততে আধাৰ কাৰ্ড কেন্দ্ৰটোত আধাৰ কাৰ্ড বনাবলৈ হৈ ৰাইজে কেনেধৰণৰ অসুবিধাৰ সন্মুখীন হৈছে এই বিষয়ে কোনো ধৰণৰ খবৰ লোৱা নাই ৰেজাউল হকে৷ ফলত নিজৰ খেৱাল খুচি মতে অপাৰেটৰ সকলে কাম চলাই আছে আধাৰ কাৰ্ড কেন্দ্ৰটোত৷ চৰকাৰী বিভিন্ন কামত আধাৰ কাৰ্ডৰ প্ৰয়োজন হোৱাত ৰাইজে দিনৰ পিছত দিন, সপ্তাহৰ পিছত সপ্তাহ ঘূৰিও বনাব পৰা নাই আধাৰ কাৰ্ড৷ কেন্দ্ৰটোত দুজনকৈ অপাৰেটৰ আছে যদিও এজনে প্ৰায় দুই-তিনি মাহ ধৰি অহা নাই কেন্দ্ৰটোত৷ ইফালে ৰেজাউল হকৰ নিৰ্দেশত পিবিচি বনাই দিয়াৰ নামত ১৫০ টকাকৈ সংগ্ৰহ কৰাৰ অভিযোগ উঠিছে৷ আধাৰ কাৰ্ড কেন্দ্ৰটোৰ অপাৰেটৰ জেহেৰুল ইছলামৰ মতে কেন্দ্ৰটোৰ কম্পিউটাৰ বিকল হৈ আছে ইফালে কিন্তু অপাৰেটৰ জেহেৰুল ইছলাম কম্পিউটাৰ বেয়া হোৱাৰ অজুহাত দেখাই পাৰ্শ্বৱৰ্তী জিলা এখনৰ ঘৰে ঘৰে নিশাৰ ভাগত গৈ আধাৰ কাৰ্ডৰ বনাই দিয়াৰ নামত ৫০০ টকাকৈ সংগ্ৰহ কৰাৰ অভিযোগ কৰিছে স্থানীয় ৰাইজে৷

কেন্দ্ৰটোত উপস্থিত হোৱা একাংশ ৰাইজে আকৌ ঘৰে ঘৰে গৈ আধাৰ কাৰ্ড বনোৱা বন্ধ কৰিব লাগে বুলি বৃহস্পতিবাৰে কেন্দ্ৰটোৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰে৷ এতিয়া প্ৰশ্ন হয় জিলা উপায়ুক্ত আৰু ৰাজহ চক্ৰ বিষয়াই নিবিদা প্ৰাপ্ত ৰেজাউল হক আৰু ডাটা এণ্টি অপাৰেটৰৰ বিৰুদ্ধে কিবা পদক্ষেপ গ্ৰহন কৰিবনে৷ আনহাতে আমছুৰ কেন্দ্ৰীয় সমিতিৰ প্ৰচাৰ সম্পাদকে সামাজিক মাধ্যমযোগে জিলা উপায়ুক্তক এই ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰাৰ দাবী জনাইছে।