বৰপেটা, সংবাদ ৩৬৫, ২৮ ছেপ্টেম্বৰ: বৰপেটা জিলাৰ মন্দিয়া শিক্ষাখণ্ডৰ ২৯৮ নং কাদং প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক ছফিউৰ ৰহমানৰ বিৰুদ্ধে বহু গুৰুত্বৰ অভিযোগ উত্থাপিত হৈছে। ছাত্ৰ ছাত্ৰীৰ জীৱনক লৈ হেতালি খেলিছে মন্দিয়া শিক্ষাখণ্ডৰ ২৯৮ নং কাদং প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক গৰাকীয়ে। প্ৰধান শিক্ষক ছফিউৰ ৰহমানে মধ্যাহ্ন ভোজনৰ চাউল আৰু টকা আত্মসাৎ কৰা অভিযোগৰ লগতে অনিয়মীয়া উপস্থিত থকাৰো অভিযোগ উত্থাপিত হৈছে। উক্ত বিদ্যালয় খনত ছাত্ৰ-ছাত্ৰী নিয়মিতভাৱে আহে যদিও বিদ্যালয়খনত ৬ জনকৈ শিক্ষক থকা সত্বেও উপস্থিত নাথাকে এজনো শিক্ষক। যাৰ ফলত নিতৌ দিনৰ ১১ বজাতো শ্ৰেণীকোঠাৰ পৰিৱৰ্তে বিদ্যালয় চৌহদত ছাত্ৰ ছাত্ৰী সকলে খেলি থকাৰ উপৰিও ক্লাছ ৰুমত শুই থাকে। প্ৰধান শিক্ষক ছফিউৰ ৰহমানৰ এই দুৰ্নীতিত সহযোগ কৰে বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি জালাল উদ্দিনে। মাহেকত মাত্ৰ ১০ ৰ পৰা ১৫ দিনহে মধাহ্ন ভোজন যোগান ধৰা হয় বুলি স্বীকাৰোক্তি দিয়ে বিদ্যালয়খনৰ ৰান্ধনী মনোৱাৰা খাতুনে। ইয়াৰ উপৰিও বিদ্যালয়খনত পূৰ্বৰ বিদ্যালয় পৰিচালনা সমিতিয়ে এৰি থৈ যোৱা ৩৪ কুইণ্টল চাউল আৰু ৬০ হেজাৰ টকাৰ লগতে চিলিংৰ বাবে কিনি অনা সকলো সা-সামগ্ৰী আত্মসাৎ কৰিছে প্ৰধান শিক্ষকে। ছাত্ৰ-ছাত্ৰীৰ বাবে যোগান ধৰা মধ্যাহ্ন ভোজনৰ চাউল সুলভ মূল্যৰ দোকানীক বিক্ৰী কৰে বুলি অভিযোগ কৰিছে ৰাইজে। আনকি বিদ্যালয়খনৰ পুৰণা গৃহৰ টিনপাতৰে সভাপতি জালাল উদ্দিনে নিজৰ গৃহৰ বেৰ দিছে বুলি অভিযোগ ৰাইজৰ। প্ৰধান শিক্ষকৰ দুৰ্নীতি আৰু অৱহেলাৰ লগতে পৰিচালনা সমিতিৰ সভাপতিৰ বিৰুদ্ধে বিহীত ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে দাবী উত্থাপন কৰিছে স্থানীয় ৰাইজে।