গুৱাহাটী, সংবাদ ৩৬৫, ২৭ এপ্ৰিল : মহানগৰী গুৱাহাটীৰ দ্বিতীয়টো মছজিদ ছীল কৰিলে প্ৰশাসনে। সোমবাৰে কামৰূপ মহানগৰ জিলা প্ৰশাসনে ছীল কৰে চান্দমাৰীস্থিত ২ নং মিলন নগৰ মছজিদ। আঠগাঁও কবৰস্থান মছজিদৰ পিছত ১৬ দিনৰ বাবে প্ৰশাসনে ছীল কৰিলে ২ নং মিলন নগৰ মছজিদ।

সমগ্ৰ বিশ্বতে মাৰাত্মক কভিড-১৯ কৰ’ণা ভাইৰাছৰ সংক্ৰমণ প্ৰতিদিনে বৃদ্ধি পাবলৈ ধৰিছে। ভাৰততো এই মাৰাত্মক ভাইৰাছৰ দ্বাৰা আক্রান্ত হোৱা লোকৰ সংখ্যা বৃদ্ধি পাইয়ে আছে। ভাৰতৰ অন্যান্য ৰাজ্য সমূহৰ তুলনাৰ অসমৰ স্থিত কিছু সন্তোষজনক যদিও অসম চৰকাৰে কৰ’ণা ভাইৰাছ সংক্ৰমণ ৰোধৰ ক্ষেত্ৰত কোনো ধৰণৰ ক্ৰুটি কৰিব বিচৰা নাই। কিছুদিন পূৰ্বে মহানগৰীৰ আঠগাঁও কবৰস্থানৰ ভিতৰত থকা মাছজিদত কিছু সংখ্যক লোক দিল্লীৰ নিজামুদ্দিন মাৰ্কজৰ তবলিকী জামাত অংশগ্ৰহণ কৰা এজন কৰ’ণা আক্রান্ত ব্যক্তিৰ সংস্পৰ্শলৈ অহাৰ তথ্য পোহৰলৈ অহাৰ পিছতে কামৰূপ মহানগৰ জিলা প্ৰশাসনে মাছজিদটো ছীল দিয়াৰ লগতে কৰ’ণা ভাইৰাছ আক্রান্ত ব্যক্তিজনৰ সংস্পৰ্শলৈ অহা ব্যক্তি সকলৰ স্বাস্থ্য পৰীক্ষা কৰি কোৰেন্টাইনলৈ প্ৰেৰণ কৰিছিল। ইয়াৰ পিছতে সোমবাৰে কামৰূপ মহানগৰ জিলা প্ৰশাসনে মহানগৰীৰ চান্দমাৰীস্থিত ২ নং মিলন নগৰ মছজিদ ছীল কৰে। উল্লেখ্য যে, চান্দমাৰীস্থিত ২ নং মিলন নগৰ মছজিদৰ ইমাম গৰাকীয়ে তলাবন্ধৰ মাজতে ৰে’ড জ’ন হিচাপে ঘোষিত নলবাৰী জিলা ভ্ৰমণ কৰি পত্নী আৰু পুত্ৰকলৈ মাছজিদত উপস্থিত হৈছিল।

মছজিদৰ ইমাম গৰাকী ৰে’ড জ’ন নলবাৰীৰ পৰা পৰিয়ালসহ উভতি অহাৰ তথ্য লাভ কৰাৰ পিছত জিলা প্ৰশাসনে ২ নং মিলন নগৰ মছজিদ ১৬ দিনৰ বাবে ছীল কৰি দিয়াৰ লগতে ইমাম গৰাকীক পৰিয়ালসহ ১৪ দিনৰ বাবে কোৰেন্টাইনত ৰাখিছে। বৰ্তমানলৈকে ইমাম গৰাকীৰ পৰিয়ালৰ কোনো লোকৰে শৰীৰত কভিড-১৯ কৰ’ণা ভাইৰাছৰ উপস্থিতি ধৰা পৰা নাই যদিও ইমাম গৰাকীৰ পৰিয়ালৰ সকলো সদস্য ১৪ দিনৰ বাবে কোৰেন্টাইনত থাকিব লাগিব।