গুৱাহাটী, সংবাদ ৩৬৫, ২৪ জুলাইঃ মহানগৰীৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত থকা গোল্ডেন ধাবাত মঙলবাৰে আৰক্ষীয়ে অভিযান চলাই অনৈতিক কাৰ্যত জড়িত থকা কেইবাজনো যুৱক-যুৱতী আটক কৰে। জানিব পৰা মতে পশ্চিম গুৱাহাটী সংমণ্ডলৰ উপ আৰক্ষী অধীক্ষক প্ৰাঞ্জল বৰাৰ নেতৃত্বত গড়চুক আৰক্ষীয়ে গোল্ডেন ধাবাত অভিযান চলাই কেইবাগৰাকী যুৱক-যুৱতীক অসংযত অৱস্থাত আটক কৰিবলৈ সক্ষম হয়। মালিগাঁৱৰ ৰমেন শইকীয়া নামৰ এজন ব্যক্তিৰ এই গোল্ডেন ধাবাত দীৰ্ঘদিন ধৰি বিভিন্ন অনৈতিক কাৰ্যৰ লগতে দেহ ব্যৱসায় চলি থকাৰ অভিযোগ উত্থাপিত হৈ আছিল। এই অভিযোগৰ ভিত্তিত পশ্চিম গুৱাহাটী সংমণ্ডলৰ উপ আৰক্ষী অধীক্ষক প্ৰাঞ্জল বৰাৰ নেতৃত্বত গড়চুক আৰক্ষীয়ে অভিযান চলাই অনৈতিক কাৰ্যত লিপ্ত থকা কেইবা গৰাকী যুৱক-যুৱতীক আটক কৰে। আৰক্ষীয়ে অভিযানৰ সময়ত গোল্ডেন ধাবাৰ পৰা বৃহৎ পৰিমাণৰ সুৰাৰ লগতে বহু আপত্তিজনক সামগ্ৰী জব্দ কৰে। আৰক্ষীয়ে ধাবাখনৰ পৰা দুখনকৈ চুৰিৰ গাড়ীও জব্দ কৰা বুলি জানিব পৰা গৈছে। ধাবাখনৰ পৰা চুৰিৰ গাড়ী জব্দ হোৱাত অধিক তৈথৰ বাবে আৰক্ষীয়ে অনুসন্ধাত অব্যহত ৰাখিছে।