সোণাপুৰৰ পৰা পঙ্কজ ডেকা, সংবাদ ৩৬৫, ৮ জুনঃ গুৱাহাটীস্থিত কামৰূপ মহানগৰ জিলা পৰিবহন বিষয়াৰ কাৰ্যালয়ৰ পৰা চুৰি হোৱা এখন টাটা চুমু বাহন ক্ষেত্ৰী আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হয়। প্ৰাপ্ত তথ্য মতে বৃহস্পতিবাৰে নিশা মহানগৰীৰ লখৰাৰ বেতকুছিস্থিত কামৰূপ মহানগৰ জিলা পৰিবহন বিষয়া কাৰ্যালয়ৰ চৌহদৰ পৰাই এএছ-০১-ডিজি-০০৫৯ নম্বৰৰ এখন টাটা চুমু বাহন অতি কৌশলৰে চুৰে চুৰি কৰি নিয়ে যদিও কিছু সময় পিছত কাৰ্যালয়টোত নিয়োজিত সুৰক্ষা কৰ্মীয়ে বাহনখন চুৰি হোৱাৰ কথা জানিব পাৰি আৰক্ষীক অৱগত কৰে আৰু এই খবৰ ক্ষেত্ৰী আৰক্ষীয়ে লাভ কৰা মাত্ৰকে ক্ষেত্ৰীৰ ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথৰে আহ যাহ কৰা বাহন সমূহ তন্ন তন্নকৈ পৰীক্ষা কৰাৰ সময়তে পুৱতি নিশা চুৰৰ দলটোৱে বাহনখন লৈ নগাওঁ অভিমূখে পলায়ন কৰিবৰ চেষ্টা কৰোতে ক্ষেত্ৰী আৰক্ষীয়ে গাড়ীখন প্ৰায় সাত কিলোমিটাৰলৈ খেদি জাগীৰোডৰ উৰণীয়া সেতুৰ ওচৰত জব্দ কৰিবলৈ সক্ষম হয় যদিও চুৰৰ দলটো গাড়ীৰ পৰা জপিয়াই পলাই যাবলৈ সক্ষম হয়।