কাৰ্বি আংলঙ, সংবাদ ৩৬৫, ৯ জুনঃ কাৰ্বি আংলঙৰ ডকমকাত শুক্ৰবাৰে নিশা সোপাধৰাৰ সন্দেহত গুৱাহাটীৰ দুজন যুৱকক হত্যা কৰা ঘটনাই সমগ্ৰ ৰাজ্যতে চাঞ্চল্যৰ সৃষ্টি কৰিছে। জানিব পৰা মতে গুৱাহাটী মহানগৰীৰ অভিজিত নাথ আৰু নিলোৎপল দাস নামৰ দুজন যুৱকে কাৰ্বি আংলঙৰ ডকমকাত ফুৰিবলৈ গৈছিল। নিশাৰ ভাগত যুৱক দুজনক স্থানীয় কিছুমান লোকে সোপাধৰা বুলি সন্দেহ কৰি যুৱক দুজনক মৰিয়াই হত্যা কৰে। যুৱক দুজনে ফুৰিবলৈ লৈ যোৱা বাহনখনো উত্তেজিত ৰাইজে ভাঙি লণ্ডভণ্ড কৰে। ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ যুৱক দুজনৰ মৃতদেহৰ লগতে বাহনখন উদ্ধাৰ কৰে। উল্লেখ্য যে যোৱা কিছুদিন ধৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তত সোপাধৰাৰ উৰাবাতৰি বিয়পি পৰাত সোপাধৰাৰ সন্দেহত কেইবাজনো লোকৰ ওপৰত এনে ধৰণৰ আক্ৰমণৰ ঘটনা সংঘটিত হৈছে।