মাণিকপুৰ, সংবাদ ৩৬৫, ৫ মেঃ বঙাইগাঁও জিলাৰ মাণিকপুৰ ৰাজহুৱা খেলপথাৰত অহা ২৫ বহাগ তাৰিখে বিস্তৃত কাৰ্যসূচীৰে দ্বাদশ বাৰ্ষিক মাণিকপুৰ বহাগী বিদায় উদযাপন সমিতিৰ উদ্যোগত উদযাপন কৰিব বহাগী বিদায়। উক্ত সমিতিৰ সম্পাদক শংকৰ দাস ডাঙৰীয়াই এক প্ৰেছ বিবৃতি যোগে জনোৱা মতে ২৫ বহাগ (৯ মে, ২০১৯ ইং) বৃহস্পতিবাৰে মাণিকপুৰ বহাগী বিদায় উদযাপন সমিতিৰ উদ্যোগত অনুষ্ঠিত কৰা ‘বহাগী বিদায়’ অনুষ্ঠানৰ লগত সংগতি ৰাখি প্ৰাইজমানী ‘মাৰাথান দৌৰ’ প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে।

উক্ত প্ৰতিযোগিতাখন ২৫ বহাগ (৯ মে) তাৰিখৰ দিনা ৰাতিপুৱা ৫ বজাত আৰম্ভ হব। মাৰাথান দৌৰৰ পিছত গোটেই দিনটো বিভিন্ন ধৰণৰ খেল ধেমালি, নাচ গানৰ অনুষ্ঠান চলি থাকিব। দিনৰ সকলোবোৰ অনুষ্ঠানৰ সন্ধিয়া আৰম্ভ কৰা হব সাংস্কৃতিক সন্ধিয়াৰ অনুষ্ঠান। এই সাংস্কৃতিক সন্ধিয়াত বিশেষ আকৰ্ষণ হিচাপে উপস্থিত থাকিব অসমৰ জনপ্ৰিয় কন্ঠশিল্পী, সুগায়িকা প্ৰিয়ংকা ভৰালী।