বঙাইগাঁও, সংবাদ ৩৬৫, ২৭ ছেপ্টেম্বৰ: পৰিৱৰ্তনকামী চৰকাৰখনে আজিকোপতি উন্নয়নৰ মুখ দেখাব পৰা নাই জনসাধাৰণক। তাৰেই এক প্ৰতিচ্ছবি দেখিবলৈ পোৱা গল বঙাইগাঁও জিলাৰ উত্তৰ অভায়াপুৰী সমষ্টিৰ ৪নং আৰু ৬নং ভাণ্ডাৰাবাসী ৰাইজৰ। যাতায়তৰ ক্ষেত্ৰত যমৰযাতনা ভুগিবলগা হৈছে কন কন স্কুলীয়া ছাত্ৰ ছাত্ৰী সকলৰ লগতে উত্তৰ অভায়াপুৰী সমষ্টিৰ ৪নং আৰু ৬নং ভাণ্ডাৰাবাসী ৰাইজে। বহিৰ্জগতৰ লগত সংযোগ স্থাপন কৰা গাওখনৰ একমাত্ৰ ৰাস্তাটোত সুদীৰ্ঘ বছৰ ধৰি এখন দলং নাই। গাওখনৰ লগত পকী ৰাস্তাৰ সংলগ্ন উক্ত ৰাস্তাটোৰে নিতৌ শ শ ছাত্ৰ ছাত্ৰী অহা যোৱা কৰে। মানিকপুৰ আঞ্চলিক মহাবিদ্যালয়, ভাণ্ডাৰা হাইস্কুল, এম ই, এলপি স্কুলত অধ্যয়নৰত ছাত্ৰ ছাত্ৰী সকলে মৰনক শৰণ দি বিপদ সংকুল ভাবে পাৰাপাৰ হয় এই ৰাস্তাটোৰে। দীৰ্ঘ দিনৰ পৰা ৰাস্তাত প্ৰকাণ্ড গাতৰ সৃষ্টি হোৱাৰ ফলত গাঠিৰ ধন খৰছ কৰি স্থানীয় ৰাইজে বাহৰ সাকো নিৰ্মাণ কৰি যাতায়তৰ সুবিধা কৰি লয়। কিন্তু বানপানীয়ে সাকোটো ছিঙি পেলোৱাত ৰাইজৰ লগতে স্কুল কলেজৰ ছাত্ৰ ছাত্ৰীৰ যাতায়তত অসুবিধাৰ সৃষ্টি হৈছে। ঘৰৰ পৰা গামোছা, লুংগী, হাফপেন্ট পিন্ধি স্কুললৈ ওলাই আহি এবুকু পানীৰ মাজেৰে পাৰ হৈ আধাবাটতে কাপোৰ সলাই স্কুল কলেজ লৈ যায় শতাধিক ছাত্ৰ ছাত্ৰী। কিন্তু আশ্চৰ্য্যজনক কথা হল এই গাওঁখনৰ ভৌগোলিক চাৰিসীমাৰ ভিতৰত আজি পৰ্য্যন্ত অহা নাই কোনো সাংসদ বিধায়ক তথা জনপ্ৰতিনিধি। কুম্ভকৰ্ণ নিদ্ৰাত সাংসদ চিৰাজ উদ্দিন আজমলৰ লগতে বিধায়ক আব্দুল হাই নাগৰি ।গাওখনৰ ৰাইজৰ এনে দূৰবস্থা জনপ্ৰতিনিধিৰ চকুত পৰিবনে বুলি ছাত্ৰ ছাত্ৰী আৰু স্থানীয় ৰাইজে প্ৰশ্ন উত্থাপন কৰিছে। লগতে চৰকাৰৰ ওচৰত এখন দলং নিৰ্মাণৰ দাবী জনাইছে।