গুৱাহাটী, সংবাদ ৩৬৫, ৩০ এপ্ৰিল : ষ্টুডিও গ্ৰুপ আপৰ আৰু নিখিল বৈশ্যই আয়োজন কৰা মিষ্টাৰ এণ্ড মিছ টীন আছাম ২০১৯ আৰু লিটল মিছ দিভা অৱ আছাম ২০১৯ শীৰ্ষক সৌন্দৰ্য প্ৰতিযোগিতাখন ২০ এপ্ৰিল অনুষ্ঠিত হৈ যায়।

গুৱাহাটীৰ ৰুক্মিণীনগৰ প্ৰেক্ষা গৃহত অনুষ্ঠিত চূড়ান্ত প্ৰতিযোগিতাখনত ৩০ গৰাকী প্ৰতিযোগীৰ মাজৰ পৰা গুৱাহাটীৰ প্ৰতীক্ষা নাথ আৰু শিৱসাগৰৰ বিদূৰ গগৈয়ে মিছ আৰু মিষ্টাৰ টীন আছামৰ খিতাপ দখল কৰে । আনহাতে, হৃষীতা কাপ্তাক আৰু প্ৰণৱ ডেকাই প্ৰথম তথা ৰূপমা বসুমতাৰী আৰু ইন্দ্ৰজিৎ চেতিয়াই দ্বিতীয় ৰানাৰ আপৰ সন্মান লাভ কৰে ।

তেনেদৰে এ বি আৰু চি শাখাত অনুষ্ঠিত লিটিল মিছ দিভা অৱ আছাম ২০১৯ৰ বিজয়ী খিতাপ লাভ কৰে ক্ৰমে বিদ্যাৰাণী গয়াৰী, কৃষ্টি শৰ্মা আৰু তনভী দত্তই। ৰক্তিম কুমাৰ দাসে পৰিচালনা কৰা এই প্ৰতিযোগীতাখনিৰ বিচাৰকৰ আসনত থাকে মিছ দিভা অৱ ইণ্ডিয়া ইউনিভাৰ্চ মেৰী শইকীয়া আৰু মিষ্টাৰ ইউনিভাৰছ ব্ৰঞ্জ মেডেলিষ্ট মনোজ মহন্ত । এই ফেশ্যন শ্বটি আঁত ধৰে আই এম মি মিছ ইণ্ডিয়া ২০১৮ ডলি বড়ো, ফেশ্যন উইজাৰ্ড মেগা মডেল হান্ট ২০১৮ বিজয়ী হিমাংশু কলিতা আৰু ফেশ্যন ইউজাৰ্ড লিটল মিষ্টাৰ নৰ্থ ইষ্ট সুৰজ দাসে ।